Site icon NEWS8 NE

মানুহৰ সহানুভূতি অৰ্জনৰ বাবে এইটাে কাম কৰিলে এজন মগনীয়াই, কিন্তু পৰিল ধৰা…

পৃথিৱীৰ আটাইতকৈ সহজ ধন ঘটাৰ উপায়টো কি? এই প্ৰশ্ন যদি আমি আপোনাক কৰোঁ, তেন্তে নিশ্চয় আপোনাৰো একেটাই উত্তৰ হব। সেয়া হৈছে- ভিক্ষা বৃত্তি!

কেৱল মানুহৰ সহানুভূতি আৰু উদাৰ মানসিকতাৰ সুযোগ লৈ ধন ঘটিব পাৰি ভিক্ষা বৃত্তিৰ জৰিয়তে। অৱশ্যেই বহু “ভিক্ষাৰী” সহমৰ্মিতা লাভৰ যোগ্যও হয়।

পৰিয়াল, পুত্ৰ-বোৱাৰীৰ পৰা এলাগী হৈ বহু বৃদ্ধ-বৃদ্ধাই জীয়াই থকাৰ তাড়নাত ভিক্ষা বৃত্তিৰ আশ্ৰয় লবলগা হয়। আন শাৰীৰিকভাৱে অক্ষম ব্যক্তিয়েও পৰিস্থিতিৰ বাধ্য হৈ ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহ কৰিবলগা হয়। কিয়নো- মৃত্যু কাৰো কাম্য নহয়!

কিন্তু অনেক এনে ব্যক্তি আছে, যিয়ে মানুহৰ উদাৰতাৰ সুযোগ লৈ শাৰীৰিক-মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈও একমাত্ৰ ধন ঘটাৰ সহজ উপায় বিচাৰি ভিক্ষা বৃত্তি গ্ৰহণ কৰে।

ভাৰতৰ দৰে ধৰ্মীয় প্ৰধান এখন দেশত ধৰ্মৰ নামতো ভিক্ষা চলে। আন একাংশই আকৌ সৰু সৰু ল’ৰা-ছোৱালীক বাছ ষ্টপেজ, ৰে’ল ষ্টেচন, চিগনেল পইণ্টত ভিক্ষা বৃত্তিত নিয়োজিত কৰি এক ৰেকেটেই চলাই আহিছে।

তেনে এজন নকল ভিক্ষাৰীৰে মুখা খোল খালে বেংগালুৰুৰ ৰাজপথত। মূৰত টুপী পিন্ধি, বিকলাংগৰ ভাও জুৰি মানুহৰ সহানুভূতি আদায় কৰা ভুৱা ভিক্ষাৰী জনৰ মুখা খুলিলে এজন সচেতন ব্যক্তিয়ে। যাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টো বেংগালুৰুৰ চাউথ ইণ্ড চাৰ্কোলৰ এটা পথৰ। ভিডিঅ’টোত দেখা পোৱা গৈছে- এখন হাত নথকা এজন ব্যক্তিয়ে পেংত ভেজা দি ভিক্ষা খুজিছে। যাক দেখিলে ব্যথাত মন আকুল হৈ পৰিব খোজে।

কিন্তু দেখাত বিকলাংগ যেন লগা এইজন ভিক্ষাৰী দৰাচলতে সম্পূৰ্ণ সুস্থ। ভিডিঅ’ কৰ্তাৰ ভিক্ষাৰী জনৰ ওপৰত সন্দেহ হোৱাত তেওঁ পিন্ধি থকা চাৰ্টটো খুলিবলৈ কয়।

আৰু যেতিয়াই ভিক্ষাৰীজনে চাৰ্টৰ বুটাম খোলে, তেতিয়াই সকলো জল জল পট পট হৈ পৰে। অতি কৌশলেৰে মানুহজনে এখন হাত পেন্টৰ ভিতৰত ভৰাই ৰাখি বিকলাংগৰ ভাও জুৰি এনেদৰে ভিক্ষা মাগি আহিছিল।

ভিক্ষাৰী জনৰ দুষ্কাৰ্য পোহৰলৈ অহাৰ পিছতে এতিয়া সামাজিক মাধ্যমত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টো ইতিমধ্যেই ভাইৰেল হৈ পৰিছে।

এনেদৰে বিকলাংগ বা শাৰীৰিক-মানসিক অসুস্থতাৰ ভাও জুৰি মানুহৰ সহানুভূতি আদায় কৰি অতি সহজে ধন ঘটাৰ পন্থা হাতত লোৱা ভুৱা ভিক্ষাৰীৰে দেশ ভৰি আছে।

লগতে চাওকঃ

প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ

Exit mobile version