NEWS8 NE

মাস্কৰ নিপিন্ধা বাবে জৰিমনা বিহাত কৰ্তব্যৰত বিষয়াক নিৰ্মম আক্ৰমণ মহিলাৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। কোৰোনা মহামাৰীৰ বাবে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে লৈছে কঠোৰ পদক্ষেপ। বহুতে ভৰিবলগীয়াও হৈছে জৰিমনা।

কিন্তু এইবাৰ মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনাৰ চালান কটাত কৰ্তব্যৰত কৰ্মচাৰীক আক্ৰমণ কৰিলে নিয়ম ভংগকাৰী দুই মহিলাই।

এই দৃশ্য ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। যাৰ ফলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাক।

এই ঘটনা সোমবাৰে সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ পীৰাগঢ়ী মেট্ৰ’ ষ্টেচনৰ সমীপত।

আৰক্ষীয়ে জনোৱা অনুসৰি, বৰ্তমান পাঞ্জাৱী বাঘৰ মহকুমা বিষয়া কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী তথা টিক্ৰি কলানৰ চৰকাৰী চিনিয়ৰ বালক মাধ্যমিক বিদ্যালয়ৰ গ্ৰন্থাগাৰিক আনন্দই শিক্ষক আজমেৰ সিং আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সৈতে পীৰাগঢ়ী মেট্ৰ’ ষ্টেচনৰ সমীপত কভিডৰ কৰ্তব্য সম্পাদন কৰি আছিল।

সেই সময়তে দুগৰাকী মহিলাই দুচকীয়া বাহনত মাস্ক পৰিধান নকৰাকৈ অহা প্ৰত্যক্ষ কৰি তেওঁ ৰখাইছিল। আৰু মহিলা গৰাকীক আইন ভংগ কৰাৰ বাবে জৰিমনা বিহি চালান কাটিছিল।

মহিলা দুগৰাকীক জৰিমনাৰ কথা কওঁতেই তেওঁলোকে জৰিমনা ভৰাৰ পৰিৱৰ্তে দুৰ্ব্যৱহাৰহে কৰে কৰ্মচাৰী জনক। আনকি শাৰীৰিক ভাৱেও আক্ৰমণ কৰে কৰ্তব্যৰত অৱস্থাত থকা কৰ্মচাৰীজনক।

এই সন্দৰ্ভত আৰক্ষীৰ উপ আয়ুক্ত পৰবিন্দৰ সিঙে কয়, “এক অভিযোগৰ ভিত্তিত কৰ্তব্যৰত কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰা, মহামাৰীৰ আইন ভংগ কৰা অপৰাধত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি এক গোচৰ পঞ্জীয়ন কৰা হয়। ইয়াৰোপৰি আন কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।”

Exit mobile version