মাস্ক নিপিন্ধিলে ৫০০ টকা জৰিমনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ! কঠোৰ হ’ব ৰাজ্য চৰকাৰ…

মাস্ক নিপিন্ধিলে ৫০০ টকা জৰিমনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ! কঠোৰ হ’ব ৰাজ্য চৰকাৰ…

September 4, 2020 0 By NEWS DESK

জনতা ভবনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল।

ৰাজ্যত কৰ’ণা আৰু আনলকক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা হিমন্ত বিশ্ব শৰ্মাৰ।

বৰ্তমানে ৰাজ্যত প্ৰযোজ্য নহয় লকডাউন। কেন্দ্ৰৰ ফালৰ পৰা কোনো অনুমতি আহিলেহে লকডাউন হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

ইপিনে  ক’ভিড-১৯ক লৈ কঠোৰ হ’বলৈ বাধ্য ৰাজ্য চৰকাৰ।

সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ ৰোগীৰ বৰ্ধিত ৰূপক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰক কঠোৰ হ’বলৈ আহ্বান জনাইছে। সেই মৰ্মে কালি মাস্ক নিপিন্ধা লোকক ৫০০ টকা জৰিমনা বিহিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ন্যায়ালয়ে।

জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক এনে জৰিমনা আদায়ৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাইছে ন্যায়ালয়ে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কালি দিনত ৩০০০ ক’ভিড পজিটিভ ৰোগী পোৱা গৈছে অসমত, এনে অৱস্থাত এই মাহটোত ৩০ দিনত ৯০০০০ ক’ৰোনা ৰোগী ওলোৱাৰ সম্ভাৱনা আছে। ই ৰাজ্যখনৰ বাবে চিন্তনীয় বিষয়।

গতিকে এনে অৱস্থাৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত ৰাজ্য চৰকাৰ কঠোৰ নোহোৱাৰ অন্য উপায় নাই বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

লগতে মন্ত্ৰী শৰ্মাৰ মন্তব্য কয়- ক’ভিড ৰোগীয়ে চিকিৎসাৰ বাবে দিব নালাগে কোনো ধন। কিন্তু পেয়িং কেবিনত থাকিলে ভৰিব লাগিব মাচুল। কেৱল কেবিনৰ বাবেহে দিব লাগিব ধন। অন্যথা কৰ’ণাৰ নামত নাই খৰচ।

খোৱা-বোৱা, প্লাজমা, বেজী আদিৰ বাবেও ধন লোৱা নাই। আনহাতে মেডিকেল কলেজ বা পেয়িং কেবিনেট থকাসকলৰ বাবে প্লাজমা বিনামূলীয়া। কিন্তু নাৰ্ছিং হোমত কেৱল প্লাজমা কিটৰ বাবে ধন লোৱা হৈছে।