মােক ‘ৰাস্তাৰ’ পৰা আঁতৰাবলৈ ‘ষড়যন্ত্ৰ’ কৰিছে একাংশ মূধাফুটা ৰাজনৈতিক নেতাইঃ সত্যৰঞ্জন বৰা

মােক ‘ৰাস্তাৰ’ পৰা আঁতৰাবলৈ ‘ষড়যন্ত্ৰ’ কৰিছে একাংশ মূধাফুটা ৰাজনৈতিক নেতাইঃ সত্যৰঞ্জন বৰা

September 14, 2020 0 By NEWS DESK

“মােৰ এই জাতীয় সত্তা তথা হিন্দু চেতনা জাগৰণ যাত্ৰাৰ বাবে একাংশ ৰাজনৈতিক নেতাৰ ৰাতিৰ টােপনি নাইকীয়া হৈছে।

এইসকল মূধাফুটা ৰাজনৈতিক নেতাই মােক ৰাস্তাৰ পৰা আঁতৰাবলৈ দিনে নিশাই পৰিকল্পনা কৰিছে, ষড়যন্ত্ৰ কৰিছে।”

সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে বিজেপিৰ বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই।

সত্যৰঞ্জন বৰা

উল্লেখ্য যে জাতীয় সত্তা তথা হিন্দু চেতনা জাগৰণ যাত্ৰাৰ এক বিশেষ কাৰ্যসূচী উপলক্ষে বৰপেটাৰ সৰভােগত ৰবিবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে সত্যৰঞ্জন বৰাই।

সৰভোগৰ ব্ৰজসদনত অনুষ্ঠিত এই কাৰ্যসূচীত পাছতে সংবাদমাধ্যমত আগত এই মন্তব্য প্ৰকাশ কৰে বৰাই।

বৰাই কয় যে যিসকলে মই প্ৰকাশ কথা কথাবােৰ যুক্তিৰে খণ্ডন কৰিব পৰা নাই, সেইসকলে মােক সাম্প্ৰদায়িক বুলি মন্তব্য কৰিছে।

যিদিনা মােৰ কােনাে যুক্তিক তথ্যসহকাৰে খণ্ডন কৰিব পাৰিব, সেইদিনাৰ পৰা মই সেই শব্দবােৰ পুনৰ উচ্চাৰিত নকৰােঁ।

ৰাজ্যৰ বাঁওপন্থী চিন্তাধাৰাৰ নেতাসকলকাে চােকা ভাষাৰে সমালোচনা কৰে বৰাই।

সৰভােগত বাওঁপন্থী চিন্তাধাৰাৰ প্ৰভাৱ থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে বাওঁপন্থীসকল ‘পেইড’ বৌদ্ধিক সন্ত্ৰাসবাদী।

ৰাইজক এই কথা উপলব্ধি কৰিবলৈ আহ্বান জনাই বৰাই কয় যে হিন্দুসকলৰ মাজত বিভাজন কৰাৰ মূল শক্তিয়েই হৈছে বাওঁপন্থী চিন্তাধাৰা।