মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন জনালে ১੦੦ ছােৱালীয়ে !

মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন জনালে ১੦੦ ছােৱালীয়ে !

October 15, 2020 0 By NEWS DESK

দেশত ক্ৰমবৰ্দ্ধমান নাৰী জনিত অপৰাধৰ ঘটনা প্ৰতিৰােধ কৰাত যেন ব্যৰ্থ হৈছে আৰক্ষী তথা সংশ্লিষ্ট বিভাগসমূহ।

সেয়ে নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ বিচাৰিছে গুজৰাটৰ ৰাজকােট জিলাৰ শতাধিক যুৱতীয়ে।

মাৰণাস্ত্ৰ ৰখাৰ অনুমতি বিচাৰি গুজৰাটৰ ৰাজকোটৰ জিলা প্ৰশাসনক এশগৰাকী ছোৱালীয়ে আবেদন কৰা বাতৰিয়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

মিটাল কেশুভাই পাৰ্মাৰ নামৰ এগৰাকী ১৪ বছৰীয়া কিশােৰীৰ নেতৃত্বত ছোৱালীৰ এটা দলে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ আত্মৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰে।

মিটালে এই প্ৰসংগত কয় যে যদি লকডাউন, বিমুদ্ৰকৰণ হ’ব পাৰে, তেন্তে অপৰাধীক এদিনতে শাস্তি দিয়াৰ আইন হ’ব কিয় নোৱাৰে।

মিটালে ইয়াৰ লগতে কয় যে যদি চৰকাৰে মহিলাক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব নোৱাৰে বা নিদিয়ে, তেন্তে চৰকাৰে তেওঁলোকৰ দায়িত্ব লোৱা উচিত।