Site icon NEWS8 NE

মিক্সড মাৰ্চিয়েল আৰ্টছত স্বৰ্ণ জয়ী দিনেশ নাওৰেমক গৃহ ভূমিত বিপুল আদৰণি

নিউজ ডেস্ক। এছিয়ান মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ-২০২১ত মিক্সড মাৰ্চিয়েল আৰ্টছত সোণৰ পদক আৰু ৰূপৰ পদক অৰ্জন কৰা মণিপুৰৰ খেলুৱৈ দিনেশ নাওৰেম স্বগৃহলৈ উভতি আহে।

৫৬.৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰা চেম্পিয়ন দিনেশ নাওৰেমক নিজ ৰাজ্যত উষ্ম আদৰণি জনোৱা হয়।

দিনেশে মিক্সড মাৰ্চিয়েল আৰ্টছৰ ৫৬.৭ কিলোগ্ৰাম শাখাত সোণ আৰু ষ্ট্ৰাইকিং মিক্সড মাৰ্চিয়েল আৰ্টছত ৰূপৰ পদক লাভ কৰিছিল।

দিনেশ নাওৰেমৰ ঘৰ কাকচিং মাখা লৌৰত। তেওঁ নাওৰেম য়াইমা আৰু নাওৰেম অংবি মংবি দেৱীৰ জ্যেষ্ঠ সন্তান।

উল্লেখ্য যে এছিয়ান মিক্সড মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ-২০২১ যোৱা ২৪ আগষ্টৰ পৰা ২৮ আগষ্টলৈকে কিৰগিজস্তানত অনুষ্ঠিত হৈছিল।

Exit mobile version