১৫ আগষ্টলৈ মিজােৰামত নিষিদ্ধ কৰা হ’ল অৰ্ধ-সামৰিক বাহিনীৰ জােৱানৰ প্ৰৱেশ!

১৫ আগষ্টলৈ মিজােৰামত নিষিদ্ধ কৰা হ’ল অৰ্ধ-সামৰিক বাহিনীৰ জােৱানৰ প্ৰৱেশ!

August 5, 2020 0 By NEWS DESK

নিউজ ডেস্ক, আইজল। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমিত লােকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে অসমৰ প্ৰতিবেশী ৰাজ্য মিজােৰামতাে।

বিশেষকৈ গৃহ ৰাজ্যৰ পৰা ছুটি সমাপ্ত কৰি ঘূৰি অহা অৰ্ধ সামৰিক বাহিনীৰ বিষয়া-জােৱানসকল ক’ভিড-১৯ত সংক্ৰমিত হােৱা ঘটনাত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।

সেয়েহে চৰকাৰে ৰাজ্যখনত ১৫ আগষ্টলৈকে অৰ্ধ-সামৰিক বাহিনীৰ জােৱানসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

মঙ্গলবাৰে ৰাজ্য চৰকাৰৰ বিষয়া আৰু দেশৰ অৰ্ধ সামৰিক বাহিনীৰ বিষয়াৰে হোৱা এক বৈঠকত লোৱা হয় এই সিদ্ধান্ত।

উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাইও এই ভাইৰাছৰ সংক্ৰমণৰ ভয়া‌ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ধ সামৰিক বাহিনীক অস্থায়ীভাৱে আন্তঃ ৰাজ্যিক যাতায়াত বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিল।

মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীক ক’ভিড-১৯ৰ ভয়াৱহতাৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা কেনেধৰণৰ আৰ্থিক সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এখন পত্ৰযোগে সোমবাৰে জনাইছে।

মুখ্যমন্ত্ৰী জনে কয় অৰ্ধ সামৰিক বাহিনীৰ জােৱানসকল বিনাদ্বিধাই বজাৰ, বেংক, এটিএম আদিলৈ যাব পাৰে।

সেয়েহে তেওঁলোকৰ দ্বাৰা সামাজিক সংক্ৰমনে আক্ৰমণাত্মক ৰূপ ল’ব পাৰে।

এই সন্দৰ্ভত বাহিনীৰ শীৰ্ষ স্থানীয় বিষয়াৰসকলৰ সৈতে কেইবাবাৰো আলোচনা কৰা হৈছিল।