মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই ছাৰখাৰ কৰিলে অসমৰ ভূমিত থকা তিনিখনকৈ দোকান!

মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই ছাৰখাৰ কৰিলে অসমৰ ভূমিত থকা তিনিখনকৈ দোকান!

October 20, 2020 0 By NEWS DESK

অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত নিশা পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

নিশা পুনৰ মিজো দুৰ্ষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে অসমৰ তিনিখন দোকান৷

ফলত নিশা পুনৰ সীমান্ত অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়৷

এটাৰ পাচত আন এটা ঘৰ মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ পিছতো গা লৰা নাই অসম আৰক্ষী বা অসম চৰকাৰৰ।

ইপিনে সীমান্ত অঞ্চলৰ প্ৰায় পাঁচ কিলোমিটাৰ অসমৰ ভূমি এতিয়া মিজো আৰক্ষীৰ দখলত৷

খবৰ অনুসৰি অসমৰ ভূমিত এতিয়া মিজো সকলৰ JCB চলিছে ৷ নিশাৰ পৰা সীমান্তৰ পাঁচ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি মিজো সকলে JCB লগাই পাহাৰ খান্দাৰ কথাও পোহৰলৈ আহিছে।

জানিব পৰা মতে JCB দিয়ি পাহাৰ কান্দি সেইস্থানত মিজো আই.আৰ বেটেলিয়ানৰ এটা কেম্প স্থাপন কৰিব মিজো আৰক্ষীয়ে।

আনকি মিজো দুষ্কৃতিকাৰীয়ে ইটোৰ পিছত সিটোকৈ ঘৰ-বাৰী জ্বলাই দিয়াৰ পিছত গা ল’ৰা নাই অসম আৰক্ষী বা অসম চৰকাৰৰ৷

মিজো আৰক্ষীক বাধা প্ৰদান কৰাটো দূৰৰ কথা, দখল হোৱা সেই স্থান লৈ ভয়তে যোৱা নাই অসম আৰক্ষী৷

আনহাতে অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ স্থানীয় ৰাইজৰ৷

বৰ্তমানলৈ অসমত যিবিলাক মিজোৰামৰ ট্ৰাক আৱদ্ধ হৈ আছে সেই ট্ৰাক বিলাক মিজোৰামত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লোৱাৰ পিচত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷

শ শ ৰাইজ ৰাজপথত উলাই আহি অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মিজোৰামৰ লগত অসমৰ ভূমি বিবাদৰ স্থায়ী সমাধান ন’হলে মিজোৰামৰ বাহন কোনোপধ্যেই এৰি দিয়া নহ’ব বুলি দাবী উত্থাপন কৰে।