মিঞা পৰিষদ-কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম!

মিঞা পৰিষদ-কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম!

October 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ ফাৰুক আহমেদ। হঠাতে মিঞা পৰিষদ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলাম।

মৰিগাওঁ জিলাৰ মৈৰাবাৰী আইবিত ধিং সমষ্টিৰ বিধায়কগৰাকীয়ে সংবাদমাধ্যমৰ যোগেদি কংগ্ৰেছ দলৰ তথাকথিত মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে কেইবাটাও দিশত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

মৈৰাবাৰী ব্লক কংগ্ৰেছৰ নেতাক প্ৰত্যুত্তৰ দি কয় যে, মৈৰাবাৰী মহাবিদ্যালয়ৰ নামত বিজ্ঞান শাখা অহাৰ পাছত কটহগুৰি(টুকটুকি) কাটি লৈ যোৱা সন্দৰ্ভত অপপ্ৰচাৰ চলােৱা হৈছে।

যদি কাটি নিয়া হৈছে তাৰ তথ্য আৰু প্ৰমাণ ৰাজহুৱা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, প্ৰয়োজনীয় মাটিৰ অভাৱত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় অ অস্থায়ীভাৱে অন্য ঠাইত গ’লেও অতি শীঘ্ৰেই হাতীমূৰীয়াত স্থায়ীভাৱে স্থানান্তৰ হ’ব বুলি জনায়।

কোনোবা এটা বিষয়ত অভিযোগ তুলিলে ভালদৰে বিষয়সমূহ জানি বুজি ক’ব লাগে ব্লক কংগ্ৰেছৰ নেতাক কটাক্ষ কৰিছে।

মিঞা পৰিষদে মৈৰাবাৰী বজাৰৰ নিৰ্মাণৰ নামত বিধায়ক আমিনুল ইছলামক ১০ দিন সময়সীমা বান্ধি দিয়া প্ৰত্যাহ্বান সন্দৰ্ভতো আজি বিধায়কগৰাকীয়ে মুখ খুলি কয় যে ইলেক্সনৰ সময় আহিছে, তেওঁলোকে ধৰ্ণা দিছে এয়া এটা ছিজনহে।

লগতে কয় যে যি সত্যৰঞ্জন বৰাই হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ গোটেই অসমত জুই লগাবলৈ সত্যৰঞ্জন বৰাই ঘূৰি ফুৰি আছে, সেই সময়তে মিঞা পৰিষদে বঙাইগাঁৱত সত্যৰঞ্জন বৰাক গামোচা পিন্ধাই উষ্ম আদৰণি জনাইছে বুলি কটাক্ষ কৰি প্ৰত্যুত্তৰ দিয়ে।

মৈৰাবাৰী বজাৰৰ ৰাস্তাৰ দুৰৱস্থাৰ বাবে বজাৰ কমিটীয়ে কৰণীয় আছে বুলি দোহাই দিয়ে, কাৰণ বজাৰ কমিটীয়ে মাচুল পায়। পানী জমা হৈ পথৰ দুৰবস্থা হোৱাত স্পষ্টকৈ বিধায়ক গৰাকী দায়ী নহয় বুলি জনায়।

আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ চৰকাৰ আহিলে ধিং সমষ্টিৰ গৰাখহনীয়াকে আদি কৰি বিভিন্ন উন্নয়নমূলক কাম কাজ কৰিব বুলি আজি সংবাদমাধ্যমৰ যোগেদি প্ৰতিশ্ৰুতি দিয়ে।