মিডিয়াক লৈ ক্ষােভ উজাৰিলে মােহময়ী অভিনেত্ৰী উৰ্বশী ৰৌটেলাই!

মিডিয়াক লৈ ক্ষােভ উজাৰিলে মােহময়ী অভিনেত্ৰী উৰ্বশী ৰৌটেলাই!

October 12, 2020 0 By NEWS DESK

বলিউডৰ বলিষ্ঠ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলিউডক লৈ দেশজুৰি তীব্ৰ বিতৰ্কত সূত্ৰপাত ঘটিছে।

একাংশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে অধিকাংশ সময় প্ৰচাৰ কৰিছে বলিউডৰ এই অভিনেতাজনৰ ৰহস্যজনক আত্মহত্যাৰ সৈতে বিভিন্ন বা-বাতৰি।

তেনে সময়তে সংবাদ মাধ্যমৰ বিৰুদ্ধে হঠাতে সৰৱ হৈ পৰিছে মােহময়ী অভিনেত্ৰী উৰ্বশী ৰৌটেলাই।

এজন সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত উৰ্বশীয়ে অভিযােগ কৰে যে বলীউডৰ তাৰকা পৰিয়ালৰ পুত্ৰ-কন্যাক সংবাদ মাধ্যমে অধিক গুৰুত্ব দিয়ে।

তেওঁলোকৰ সকলো ভাল গুণ প্ৰচাৰ কৰা হয়। তেওঁলোকৰ ফেশ্বনক প্ৰশংসা কৰা হয়। তেওঁলোকৰ অভিনয়কো উচ্চ প্ৰশংসাৰে উপচাই পেলায় মিডিয়াই।

তেওঁ কয় যে তাৰকাৰ পুত্ৰ-কন্যাৰ ‘নিগেটিভ’ কথা-বতৰা মিডিয়াই প্ৰচাৰ নকৰে। কিন্তু বহিৰাগত অভিনেতা-অভিনেত্ৰীৰ কিবা খুঁত পালেই আক্ৰমণৰ লক্ষ্য কৰি লয় সংবাদ মাধ্যমে।

যদিহে কোনো সুৰুঙা লাভ নকৰে, তেন্তে বহিৰাগতক টি আৰ পি লাভৰ সামগ্ৰীৰূপে গণ্য কৰে মিডিয়াই। যাৰ ফলত মানসিক অশান্তিৰ বলি হ’বলগীয়া হয়।