মিত্ৰদল বিজেপিৰ বিধায়কক মুকলি সমালােচনা ৰাভা-হাছঙৰ মুৰব্বী টংকেশ্বৰ ৰাভাৰ

মিত্ৰদল বিজেপিৰ বিধায়কক মুকলি সমালােচনা ৰাভা-হাছঙৰ মুৰব্বী টংকেশ্বৰ ৰাভাৰ

September 24, 2020 0 By NEWS DESK

পলাশবাৰী। মিত্ৰদল বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে হঠাতে সৰৱ হৈ পৰিল ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ ৰাভা।

আগন্তুক বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিত বিজেপি দলৰ বিধায়ক প্ৰণৱ কলিতাক পৰাজিত কৰাৰ হুংকাৰ টংকেশ্বৰ ৰাভাৰ।

বৃহস্পতিবাৰে ৰাভা-হাছং স্বায়ত্ত পৰিষদৰ এলেকাধীন পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিবলৈ উপস্থিত হৈছিল মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা।

টংকেশ্বৰ ৰাভা

সাংবাদিককে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰাভা-হাছং এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় বিজেপি দলৰ বিধায়ক প্ৰণৱ কলিতাৰ ভূমিকা সন্দৰ্ভত সােধা প্ৰশ্নৰ উত্তৰত ৰাভাই কয় যে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত এতিয়ালৈ অঞ্চলবাসীয়ে বিধায়কৰ মুখ দেখা নাই।

পৰিষদৰ এলেকাত থকা পলাশবাৰী সমষ্টিৰ তিনিখনকৈ গাঁও পঞ্চায়ত বাসিন্দা বিধায়কৰ এনে ভূমিকাত ক্ষােভিত হৈ পৰিছে।

বিধায়ক প্ৰণৱ কলিতা

বিজেপি দলৰ সৈতে মিত্ৰতা থাকিলেও ৰাভা-হাছং বাসীয়ে অহা নিৰ্বাচনত বিধায়ক প্ৰণৱ কলিতাক উচিত প্ৰত্যুত্তৰ দিব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে আমি ট্ৰাইবেল মানুহ, আমি ভাল পালে ভাল, বেয়া পালে বেয়া বুলি মুকলিকৈ কওঁ।

টংকেশ্বৰ ৰাভাৰ মন্তব্যৰ সম্পূৰ্ণ ভিডিঅ’ চাওকঃ