Site icon NEWS8 NE

মুখ্যমন্ত্ৰীক ‘প্ৰচণ্ড চৰ’ মাৰিবলৈ কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী!

নিউজ ডেস্ক। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক ২৪ আগষ্ট অৰ্থাৎ মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক ‘প্ৰচণ্ড চৰ’ দিয়াৰ বিষয়ে কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় ৰাণেক। তেওঁ দাবী কৰিছিল যে স্বাধীনতাৰ বৰ্ষৰ বিষয়ে অজ্ঞ আছিল মুখ্যমন্ত্ৰীজন। যিটো অতি লজ্জাজনক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাণেৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰাৰ পিছত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

ৰাণে এজাহাৰসমূহ বাতিল কৰিবলৈয়ো চেষ্টা কৰিছিল। ৰাণেৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰে এটা অভিযোগ মঙলবাৰে পুনেত পঞ্জীয়ন কৰা হৈছিল আৰু আনটো নাছিকত দাখিল কৰা হৈছিল।

ইফালে, শিৱসেনাৰ কৰ্মীসকলে ৰাণেৰ বাসগৃহ অভিমুখে প্ৰতিবাদী যাত্ৰা কৰাৰ সময়ত মুম্বাইত শিৱসেনা, বিজেপি আৰু আৰক্ষীৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হয় বুলি জানিব পৰা যায়।

কাষৰীয়া ৰাইগড় জিলাত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাণে কৈছিল, “মুখ্যমন্ত্ৰীয়ে আমাৰ স্বাধীনতাৰ বছৰটো নাজানে, সেয়া লজ্জাজনক। তেওঁ তেওঁৰ ভাষণৰ সময়ত স্বাধীনতাৰ বছৰৰ বিষয়ে সোধাৰ বাবে পিছলৈ বেকা হৈছিল। যদি সেই সময়ত মই তাত থাকিলোহেঁতেন, তেন্তে মই তেওঁক এটা প্ৰচণ্ড চৰ মাৰিলোহেঁতেন।”
বিজেপি নেতা তথা শিৱসেনাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাণে দাবী কৰে যে ঠাকৰেয়ে তেওঁৰ ১৫ আগষ্টৰ ভাষণৰ সময়ত ভাৰতৰ স্বাধীনতাৰ বছৰটো পাহৰি যোৱাৰ পিছত ভাষণৰ মাজতে তেওঁৰ সহায়কসকলৰ সৈতে ইয়াৰ বিষয়ে সুধিব লগা হৈছিল।

তেওঁৰ বিৰুদ্ধে গোচৰ দাখিল হোৱা সন্দৰ্ভত তেওঁ কয় যে, “মোৰ বিৰুদ্ধে এখনো এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলি মোৰ ওচৰত কোনো তথ্য নাই। মই সাধাৰণ মানুহ নহয়। মই কোনো অপৰাধ কৰা নাই। যদি কোনোবাই ১৫ আগষ্টৰ বিষয়ে নাজানে, তেন্তে সেইয়া অপৰাধ নহয় নেকি? মই কৈছিলো যে মই চৰ মাৰিলোহেঁতেন – ই এটা সাধাৰণ শব্দ আছিল, ই অপৰাধ নহয়।”

Exit mobile version