মুখ্যমন্ত্ৰীয়ে পৰ্যটকৰ বাবে মুকলি কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

মুখ্যমন্ত্ৰীয়ে পৰ্যটকৰ বাবে মুকলি কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

October 20, 2020 0 By NEWS DESK

কাজিৰঙা। কাইলৈ অৰ্থাৎ ২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

এই কথা এক বিবৃতিৰ জৰিয়তে ঘােষণা কৰিছে উদ্যান কৰ্তৃপক্ষই।

অসমৰ গৌৰৱ এশিঙীয়া গড়

দিনৰ ১১ বজাত এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক নিৰ্দেশনাযোগে জানিবলৈ দিয়া অনুসৰি প্ৰতিকূল বতৰ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগৰ বাট-পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা বনাঞ্চল, কঁহৰা আৰু পশ্চিম বনাঞ্চল বাগৰিত কেৱল জীপ ছাফাৰিহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল ঘোঁৰাকাটিৰ লগতে হাতী ছাফাৰি পৰ্যটকৰ বাবে মুকলি হোৱাৰ সবিশেষ তথ্য পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।