Site icon NEWS8 NE

মুম্বাই অভিমুখী ইণ্ডিগ’ৰ বিমানত ওলাল সাপ, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। বিমানৰ ভিতৰত ওলাল সাপ। এই ঘটনা কলকাতা বিমানবন্দৰৰ।

যোৱা ৬ আগষ্টত কলকাতা বিমানবন্দৰত মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত দেখা পোৱা যায় এই দৃশ্য।

খবৰ অনুসৰি, ৰায়পুৰৰ পৰা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছিল বিমানখনে।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত এটা নিৰ্জন এলেকাত ৰখাই থোৱা হৈছিল বিমানখন।

বিমানখন গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে বিমানখনৰ কৰ্মচাৰী আৰু যাত্ৰীয়ে প্ৰত্যক্ষ কৰে সাপটো।

সেই দৃশ্য দেখালৈকে বহুতো যাত্ৰী বিমানখনত উঠিবলৈ বাকী আছিল।

উল্লেখ্য যে সাপটোক বিমানখনৰ ভিতৰত এটা লাগেজ বেল্টৰ চাৰিওফালে মেৰ খাই থকা অৱস্থাত দেখিবলৈ পোৱা গৈছিল। আৰু প্ৰথমে এজন লাগেজ হেণ্ডলাৰে সাপটো দেখা পাইছিল। এই খবৰ বিয়পি পৰাৰ লগে লগে গ্ৰাউণ্ড ষ্টাফে তাৎক্ষণিকভাৱে সেই ঠাইডোখৰ পৰিষ্কাৰ কৰে আৰু বিমানবন্দৰ কৰ্তৃপক্ষক ইয়াৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতেই বন বিভাগক খবৰ দিয়ে বিমানবন্দৰ কৰ্তৃপক্ষই। যিয়ে সাপটো পুনৰ সংস্থাপনৰ বাবে লৈ যায়।

বিমানবন্দৰ কৰ্তৃপক্ষৰ এজন বিষয়াই জনোৱা অনুসৰি বিশাল সৰীসৃপটো এটা অ-বিষাক্ত সাপ আছিল। যেতিয়া ৰায়পুৰৰ পৰা অহাৰ পিছত বিমানৰ পৰা সামগ্ৰী অফলোড কৰা হৈছিল, তেতিয়াই সাপটোৱে বিমানখনত প্ৰৱেশ কৰিছিল।

বহুযাত্ৰীয়ে এই দৃশ্য বন্দী কৰে নিজৰ মোবাইল কেমেৰাত। আৰু সেই ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। যাৰ ফলত দৃশ্যটো ভাইৰেল হৈ পৰে।

Exit mobile version