মৃত্যুদূতৰ ৰূপত ডাম্পাৰ! খুন্দাত প্ৰাণ গ’ল ষ্টেট বেংকৰ মহিলা কৰ্মচাৰীৰ

মৃত্যুদূতৰ ৰূপত ডাম্পাৰ! খুন্দাত প্ৰাণ গ’ল ষ্টেট বেংকৰ মহিলা কৰ্মচাৰীৰ

October 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ অৰুপ কুমাৰ ৰায়। ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি মৃত্যুদূতৰ স্বৰূপ হৈ পৰিছে ডাম্পাৰ।

বৃহস্পতিবাৰে নিশা ডাম্পাৰৰ খুন্দাত গোলাঘাটৰ ঢেকিয়াল ৰহঢ়লাত নিহত হৈছিল গোলাঘাট ষ্টেট বেংকৰ কৰ্মচাৰী ৰাজলেখা ঘোষ।

এই ঘটনাত আহত হৈছিল ৰাণীৰ পিতৃ ৰবি ঘোষো।

শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত ৰাণীৰ নশ্বৰ দেহ গোলাঘাট ষ্টেট বেংকলৈ নিয়া হয় ।

বেংকৰ সকলো কৰ্মচাৰীয়ে অশ্ৰুসিক্ত নয়নেৰে সহকৰ্মী ৰাণীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচতেই ৰাণীৰ মৃতদেহ ঢেকিয়াল তিনিআলিৰ নিজা বাসগৃহলৈ অনা হয় ।

লগে লগে বাসগৃহত উপস্থিত থকা কেইবা শতাধিক ৰাইজে শেষ দৰ্শন কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হয় । সকলোৰে নয়ন অশ্ৰুসিক্ত । শোকস্তব্ধ এক পৰিবেশ।

ঢেকিয়াল তিনিআলি ব্যৱসায়ী, ঢেকিয়াল তিনিআলি গাঁও ৰক্ষী বাহিনী, কঁঠাল গুৰি মণ্ডল কংগ্ৰেছ , দক্ষিণ গুৰুযোগণীয়া মণ্ডল কংগ্ৰেছ, ঢেকিয়াল ক্ৰীড়া সন্থা লগতে বহুতো অনুষ্ঠান প্ৰতিষ্ঠান আৰু বহুসংখ্যক স্থানীয় ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপস্থিত সকলোৱে ৰানীৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।