মেট্ৰিকত ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব নগদ ২০হাজাৰ টকা !

মেট্ৰিকত ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব নগদ ২০হাজাৰ টকা !

August 29, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল।

সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰীগৰাকীৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীসকলে এইবাৰ আনন্দৰাম বৰুৱা বটাঁত লেপটপৰ সলনি লাভ কৰিব নগদ ২০হাজাৰ টকা।

কৰ’ণা মহামাৰীৰ বাবে এইবাৰ লেপটপ প্ৰদান কৰিব নোৱাৰাৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ মুঠ ১৬হাজাৰ ৯৪৪গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই পুৰস্কাৰ।

১২ছেপ্তেম্বৰৰ দিনা এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হব এই বটাঁ।

এই আচনিৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৩৩কোটি টকা।