মোডীৰ জন্মদিন  ‘সেৱা দিৱস’ হিচাপে পালন কৰিব বিজেপিয়ে

মোডীৰ জন্মদিন ‘সেৱা দিৱস’ হিচাপে পালন কৰিব বিজেপিয়ে

August 28, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 70 বছৰত ভৰি থ’ব।

এই বিশেষ দিনটাে ‘সেৱা দিৱস’ হিচাপে পালন কৰিব বিজেপি দলৰ নেতা-কৰ্মীয়ে।

ক’ৰনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হােৱা জটিল পৰিস্থিতিৰ বাবে বিজেপি নেতা-কৰ্মীয়ে জাকজমককৈ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত লৈছে।

বিগত বছৰৰ দৰে এইবাৰো মােদীৰ জন্ম দিনটোক ‘সেৱা দিৱস’ হিচাপে পালন কৰি জনসাধাৰণ মাজত মাস্ক বিতৰণ কৰাৰ লগতে ৰক্তদানো কৰিব দলৰ নেতা-কৰ্মীয়ে।

কেৱল এয়াই নহয়, জনসাধাৰণৰ মাজত চেনিটাইজাৰ আৰু ঔষধো বিতৰণ কৰা হ’ব।

বিজেপিৰ বুথ আৰু মণ্ডল পৰ্যায়তো অনুষ্ঠিত কৰা হ’ব এই কাৰ্যসূচী।