‘মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশখনক বৰবাদ কৰাৰ লগতে সকলো ক্ষেত্ৰতে দুৰ্বল কৰিছে !’

‘মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশখনক বৰবাদ কৰাৰ লগতে সকলো ক্ষেত্ৰতে দুৰ্বল কৰিছে !’

September 2, 2020 0 By NEWS DESK

পুনৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে ৰাহুল গান্ধী।

ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশখনক বৰবাদ কৰাৰ লগতে সকলো ক্ষেত্ৰতে দুৰ্বল কৰিছে।’

এইবাৰ গান্ধীয়ে মোদীৰ অৰ্থব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ ধ্বংস কৰিছে।’

ৰাহুল গান্ধীয়ে টুইটত লিখিছে-

১) জিডিপিত ঐতিহাসিক -২৩.৯ শতাংশ হ্ৰাস।

২) ৪৫ বছৰৰ ভিতৰত সকলোতকৈ বেছি নিবনুৱাৰ সংখ্যা।

৩) ১২ কোটি লোকে চাকৰি হেৰুওৱা।

৪) ৰাজ্যক জি এছ টি নিদিয়া।

৫)কৰণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি।

ইয়াৰ উপৰি সীমাকেন্দ্ৰিক বিবাদ আৰু বহিৰাগত উগৰ্পন্থীৰ আক্ৰমণৰ ফলত ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাব লগীয়া হৈ থকা প্ৰসংগটো মোদী নেতৃত্বাধীন চৰকাৰক জগৰীয়া কৰে।

ইয়াৰ পূৰ্বে গান্ধীয়ে কয় যে ভাৰতত অৰ্থ ব্যৱস্থাৰ ধ্বংস বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ হৈছিল । ইয়াৰ পিছতে চৰকাৰে এটাৰ পিছত আন এটা ভুল সিদ্ধান্ত লৈ আহিছে ।

যাৰ ফলত দেশৰ অৰ্থব্যৱস্থা প্ৰায় ধ্বংস হৈ গৈছে ।