মৰ্মান্তিক! উচ্চ ক্ষমতাৰ বিদ্যুৎ তাঁৰত লাগি বন্যহস্তীৰ কৰুণ মৃত্যু

মৰ্মান্তিক! উচ্চ ক্ষমতাৰ বিদ্যুৎ তাঁৰত লাগি বন্যহস্তীৰ কৰুণ মৃত্যু

September 16, 2020 0 By NEWS DESK

ৰাজ্যত পুনৰ সংঘটিত হৈছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা।

এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ জুৰীয়া।

উচ্চ ক্ষমতাৰৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু ঘটিল গজৰাজৰ।

জানিব পৰা মতে, নিশা লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা বন্যহস্তীৰ জাক।

তেনে সময়তে কম উচ্চতাত ওলমি থকা ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ স্পৰ্শ কৰি মৃত্যুমুখত কৰে এই হাতীটাে।

বিদ্যুৎস্পৃষ্ট হৈ হাতীটো সমীপৰ এটা পুখুৰীত পৰি যায়।

কিছু সময় ছটফটাই থাকি হাতীটোৰ মৃত্যু হয়।

এই দুৰ্ঘটনাৰ বাবে নগাঁও জিলাৰ বিদ্যুৎ বিভাগকে জগৰীয়া কৰিছে স্থানীয় লোকে।