Site icon NEWS8 NE

মৰ্মান্তিক! উদণ্ড চিকিৎসকৰ বাহনৰ খুন্দাত প্ৰাণ গ’ল এহাল ভাতৃ-ভগ্নীৰ, চিকিৎসাধীন আন দুজন…

নিউজ ডেস্কঃ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত কেন্দুকোণাত শোকাবহ পথ দুৰ্ঘটনা।

উদণ্ড চিকিৎসকৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু এহাল ভাতৃ-ভগ্নীৰ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এগৰাকী কিশোৰী আৰু এগৰাকী ফেৰীৱালাও বৰ্তমান চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, মঙলবাৰে কেন্দুকোণাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

বাৰাংহাটীৰ নিৱাসী অৱসৰী চিকিৎসক নৰেন চন্দ্ৰ নাৰ্জাৰীয়ে এএছ ০১ডিএইছ ২০৫২ নম্বৰৰ হুণ্ডাই আইটেন বাহনেৰে দুই ভাতৃ-ভগ্নীসহ ৪ জনক মহটিয়াই নিয়াত আটাই কেইজন গুৰুতৰভাৱে আহত হয়।

স্থানীয় লোকে আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু ঘটে কেন্দুকোণাৰ ধৰ্মেশ্বৰ দাস আৰু মণিকা দাসৰ পুত্ৰ-কন্যা ক্ৰমে- গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাস (৮)ৰ।

জানিব পৰা মতে, নিহত গায়ত্ৰী জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত থকাৰ বিপৰীতে ভাতৃ অবিনাশ মোহন কলিতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত আছিল।

ইফালে চিকিৎসকৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে চুমি দাস (১৮) নামৰ কিশোৰীগৰাকীৰ লগতে আইনাল হক (৪৮) নামৰ ফেৰীৱালাজন।

স্থানীয় ৰাইজে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি দুৰ্ঘটনা সংঘটিত কৰা চিকিৎসকজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Exit mobile version