NEWS8 NE

মৰ্মান্তিক! কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ, প্ৰতিবেশীসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি কৰুণ মৃত্যু হ’ল শিশুসহ ৪ জন লােকৰ।

পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ বিলাইপুৰ অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা।

বিদ্যুৎস্পৃষ্ট হােৱা কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু পিতৃ-মাতৃৰ।

শিশুটিৰ লগতে প্ৰাণৰক্ষা কৰিবলৈ যােৱা এজন প্ৰতিবেশী যুৱকৰাে এই দুৰ্ঘটনাত মৃত্যু ঘটে।

এই ঘটনা সংঘটিত হ’ল হাইলাকান্দিৰ কাটলিছেৰা সমষ্টিৰ অন্তৰ্গত বিলাইপুৰত।

এই ঘটনাত নিহতসকলৰ নাম হৈছেঃ ৰাজিবুল হুছেইন শ্বেইখ (শিশু), ছুফিয়ান হুছেইন শ্বেইখ, হুছনাৰা বেগম শ্বেখ (পিতৃ-মাতৃ) আৰু প্ৰতিবেশী যুৱক জাহিদ হুছেইন শ্বেখ।

জানিব পৰা মতে, ঘৰৰ কাষতে পথৰ ওপৰত ছিঙি পৰা এটা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰথমে বিদ্যুৎস্পৃষ্ট হৈ শিশুটি।

ইয়াৰ পিছতে শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ পিতৃ-মাতৃৰ লগতে প্ৰতিবেশী যুৱকজন বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকােৱালি লয়।

এই ঘটনাত পৰিয়ালটােৰ আন দুজন লােকাে বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

এই ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে হাইলাকান্দিত।

স্থানীয় লােকে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটােত সঘনাই বিদ্যুতৰ তাঁৰ বিচ্ছিন্ন হৈ বহু লােকৰ প্ৰাণহানি হােৱা বুলি প্ৰকাশ কৰিছে।

ৰাইজে ভুক্তভােগী পৰিয়াললৈ সাহায্য প্ৰদানৰ বাবেও চৰকাৰলৈ দাবী জনাইছে।

লগতে চাওকঃ

শোকাবহ! জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ পিছদিনাই ধনঞ্জয়ে ল’লে এই কঠিন সিদ্ধান্ত…

শোকাবহ! সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই চৰম পথ বাচি ল’লে এগৰাকী কৃতী শিক্ষকে

Exit mobile version