মৰ্মান্তিক! ক’ভিড-১৯ত একেলগে প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ

মৰ্মান্তিক! ক’ভিড-১৯ত একেলগে প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ

September 9, 2020 0 By NEWS DESK

ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

ইয়াৰ পাছতাে মাস্ক পিন্ধা তথা অন্যান্য জৰুৰী নীতি-নিৰ্দেশনা উলংঘা কৰিছে বহু লােকে।

ইয়াৰ ফলতে অনাগত দিন ৰাজ্যৰ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰাৰ আশংকাই দেখা দিছে।

ইপিনে, ধুবুৰী জিলাৰ বিলাসীপাৰাত ক’ৰােনা সংক্ৰমণৰ মৰ্মান্তিক পৰিণতি।

কৰ’নাত আক্ৰন্ত হৈ মৃত্যু মাতৃ-পুত্ৰৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিস্বাস ত্যাগ মাতৃ-পুত্ৰৰ।

মৃত্যু বিভা ৰাণী সাহা (৬৯) আৰু পুত্ৰ বিষ্ণু পদ সাহা ( ৪৯ )।

বিলাসীপাৰা চহৰৰ ৫ নম্বৰ ৱাৰ্ড বাবুপাৰাৰ বাসিন্দা মাতৃ-পুত্ৰ।

জানিব পৰা মতে, এসপ্তাহ পুৰ্বে ক’ভিড-১৯ত আক্ৰান্ত হােৱাত মাতৃ পুত্ৰ দ্বয়ক ভৰ্তি কৰোৱা হৈছিল GMCH ত।

নিশা GMCH তে মৃত্যু হয় মাতৃ পুত্ৰৰ।

উল্লেখ্য যে বিষ্ণু সাহা বেঙ্গলী যুব ছাত্ৰ ফেডাৰেচনৰ বিলাসীপাৰা আঞ্চলিকৰ সাংগঠিনক সম্পাদক।

এই ঘটনাই বিলাসীপাৰাৰ লগতে জিলাখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।