NEWS8 NE

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ক’ভিড-১৯ত ২১ দিনতে পিতৃ-মাতৃক হেৰুৱালে ৩ কন্যাই।

এই কৰুণ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত।

জানিব পৰা মতে, কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দীপালী দাসৰ যােৱা ২১ মে’ত মৃত্যু হৈছিল।

সেই সময়ত স্বামী চিকিৎসালয়ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰিছিল মহিলাগৰাকী। চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি মৃত্যুক সাবটিবলগীয়া হয় দীপালী দাসে।

ইফালে, ক’ভিড আক্ৰান্ত স্বামী নেপুৰ দাস সুস্থ হৈ ঘৰলৈ উভতি আহিছিল যদিও ক’ভিড জনিত শাৰীৰিক অসুস্থতাৰ বাবে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি অৱশেষত ৪ জুনত মৃত্যু হয় লােকজনৰ।

এনেদৰে মাত্ৰ ২১ দিনৰ ব্যৱধানত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে তিনি কন্যা ক্ৰমে নিবেদিতা দাস (২১), বনশ্ৰী দাস (১৯) আৰু দৰ্শনা দাস (১৩)।

উল্লেখ্য যে তিনিওগৰাকী সম্প্ৰতি শিক্ষানুষ্ঠানত অধ্যয়নৰত।

এই ঘটনাত শােকস্তব্ধ অঞ্চলবাসী ৰাইজে দুৰ্ভগীয়া কন্যা তিনিগৰাকীৰ দায়িত্ব ল’বলৈ অসম চৰকাৰক আহ্বান জনাইছে।

লগতে চাওকঃ

বনাঞ্চলত হাতীৰ জাকৰ দীৰ্ঘতম যাত্ৰা, ড্ৰােন কেমেৰাত বন্দী বহু দুৰ্লভ দৃশ্য

Exit mobile version