মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ সেনা জােৱানৰ মৃত্যু

মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ সেনা জােৱানৰ মৃত্যু

May 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শোকজনক ঘটনা। কৰ্তব্যৰত অৱস্থাতে বিদ্যুৎস্পষ্ট হৈ কৰুণ মৃত্যু ঘটিল এগৰাকী ভাৰতীয় সেনাৰ জােৱানৰ।

জানিব পৰা মতে, শ্বহীদ ভাৰতীয় সেনাৰ জোৱান জনৰ নাম কানহায়া লাল জাট। জােৱানজনৰ ঘৰ মধ্য প্ৰদেশৰ ৰটলামৰ গুণাৱদ গাঁৱৰ।

তেওঁ চিকিমত সেনাৰ চি এম পি ইউনিটত লেন্সনায়ক হিচাপে কৰ্মৰত আছিল।

জােৱানজনে শনিবাৰৰ পুৱা ঘৰলৈ ফোন কৰি জনাইছিল যে তেওঁ আগন্তুক জুন মাহত ছুটী লৈ আহিব ঘৰলৈ। সেই কথা শুনি পৰিয়াল আৰু আত্মীয়ই মনতে পাইছিল ৰং। কিন্তু নিশা জােৱানজন শ্বহীদ হােৱাৰ খবৰ লাভ কৰি স্বাভাৱিকতে শোকত ভাগি পৰে সকলো আত্মীয় তথা শুভাকাঙ্খী।

জানিব পৰা মতে, আন দিনৰ দৰে শনিবাৰেও কৰ্তব্যলৈ গৈ তেওঁ সেনাৰ এখন গাড়ী চাফা আৰু মেৰামতি কৰি আছিল। কিন্তু হঠাতে গাড়ীৰ শ্বৰ্টচাৰ্কিট হোৱাৰ বাবে তেওঁ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক লৈ যোৱা হয় চিকিৎসালয়লৈ।

কিন্তু চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে আৰু নিশা ১০ বজাত তেওঁৰ ভাতৃ বলৰাম জাতলৈ খবৰ আহে যে তেওঁ শ্বহীদ হল।

এই ঘটনাই শোকৰ ছাঁ পেলায় সমগ্ৰ গাঁওখনত।

খবৰ অনুসৰি, সপুত কানহায়া লাল জাটে ভাৰতীয় সেনাত যোগদান কৰিছিল ২০০৮ চনত। ২০১৩ চনত তেওঁৰ সম্পন্ন হৈছিল বিবাহ।

মৃত্যুৰ সময়ত জােৱানজনে পিতৃৃ-মাতৃৰ, পত্নীৰ লগতে দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু