NEWS8 NE

মৰ্মান্তিক! ঘৰত বুটমাহ খাই থাকােতে হঠাৎ স্বাসৰুদ্ধ হৈ পৰিল দুবছৰীয়া হৰ্ষিত, তাৰ পিছত…

নিউজ ডেস্ক। এক কৰুণ ঘটনা। ঘৰত বুটমাহ খাই থকা অৱস্থাতে স্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এটি দুবছৰীয়া কণমানি শিশুৱে।

এই অতি কৰুণ ঘটনা সংঘটিত হ’ল উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বেলগুৰিত গাঁৱত।

মৃত শিশুটিৰ নাম হৰ্ষিত বৰুৱা বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দা হেম বিকাশ বৰুৱা আৰু দয়মন্তি বৰুৱাৰ একমাত্ৰ সন্তান আছিল হৰ্ষিত।

জানিব পৰা মতে, কণমানিটোৱে ঘৰত বুটমাহ খাই থকাৰ সময়তে অকস্মাৎ শ্বাস-প্ৰশ্বাস ৰুদ্ধ হৈ পৰে।

লগে লগে পৰিয়ালৰ লোকে শিশুটিক নাৰায়ণপুৰ স্থিত মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

এটা বুটমাহৰ বাবে কণমানি শিশুটিৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।

Exit mobile version