মৰ্মান্তিক! চােৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ জােৱানৰ মৃত্যু

মৰ্মান্তিক! চােৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ জােৱানৰ মৃত্যু

October 18, 2020 0 By NEWS DESK

জােৱান জনৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ অসম আৰক্ষীৰ

মানকাচৰ। ৰাজ্যৰ গৰুৰ আন্তঃৰাষ্ট্ৰীয় চােৰাং বেহা ৰােধ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে।

বিশেষকৈ ভাৰত-বাংলাদেশৰ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী আৰক্ষীৰ ধাৰাবাহিক অভিযানত গ্ৰেপ্তাৰ হৈছে একাধিক কুখ্যাত গাে-মাফিয়া চক্ৰৰ সদস্য।

আৰক্ষীৰ এনে ধাৰাবাহিক সফলতাৰ মাজতে কালি নিশা মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষী জােৱানৰ মৃত্যু ঘটে।

ৰবেন দাস

জানিব পৰা মতে, মানকাচৰৰ চৰ কুকুৰমাৰাৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং গৰুৰ আৰু সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলায় ঝালোৰচৰ বেটেলিয়ান কেম্পৰ ছেকেণ্ড লাইন বেটেলিয়ানে।

চোৰাং গৰু সৰবৰাহকাৰীক ধৰিবলৈ গৈ সীমান্ত পথৰ ওচৰতে থকা খাল এটাত পৰে ঝালোৰচৰ বেটেলিয়ান কেম্পৰ কনিষ্টবল ৰবেন দাসে।

লগে লগে পানীত ডুব যায় কনিষ্টবল গৰাকী।

কিন্তু কনিষ্টবল গৰাকীৰ লগত যোৱা অন্যান্য জােৱানে বহু চেষ্টা কৰিও বচাব নোৱাৰিলে কনিষ্টবল ৰবেন দাসক।

অৱশেষত কনিষ্টবল এগৰাকী পানী ডুবি মৃত্যু হয়। পিছত SDRF বাহিনীয়ে নিশা ৰবেন দাসৰ মৃত্যু দেহটো উদ্ধাৰ কৰে।

পুৱা মৃত দেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অসম আৰক্ষীয়ে জােৱানজনে কৰ্তব্যৰ সময়ত দিয়া এনে বলিদানৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইট প্ৰকাশ কৰিছে।