NEWS8 NE

মৰ্মান্তিক! টায়াৰ ফাটি যোৱা অভাৰলোড ট্ৰাকৰ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা, ১০ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত হয় ১০ জনৰো অধিক লোক।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত।

ৰাষ্ট্ৰীয় ঘাইপথ ৭৩০ৰ পিলিভীত-বস্তি পথৰ এৰা দলঙত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ পিছত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু ঘটে ৮ জনৰ। আনহাতে আন দুজনৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জয় কুমাৰ সিঙে জনোৱা মতে, বাছখনত মুঠ ৪৫ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল। দুৰ্ঘটনাত আন ১৮ জন লোক গুৰুতৰভাৱে আহত হৈছে।

আহত সকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ইফালে দুৰ্ঘটনাত নিহত ৪ জনক এতিয়ালৈকে চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে- আলিমুন (৫০), সগীৰ (৪৫), মনু (১৪) আৰু সুৰেন্দ্ৰ (৪২)।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অভাৰলোড ট্ৰাক চালকে গাড়ীখনৰ টায়াৰ ফাটি বিপৰীত দিশৰ পৰা অহা ব্যক্তিগত বাছখনত খুন্দা মৰাৰ ফলত গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

দুৰ্ঘটনাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।

Exit mobile version