NEWS8 NE

মৰ্মান্তিক! দৰাৰ বাবে অপেক্ষা কৰি থাকোতেই লাভ কৰিলে সেই দুঃসংবাদ, হাতৰ মেহেন্দিলৈ চাই চাই নিশ্চুপ হৈ বহি ৰ’ল কইনা…

নিউজ ডেস্কঃ সম্পূৰ্ণ হৈছিল বিয়াৰ সকলো প্ৰস্তুতি। আটক ধুনীয়াকৈ সজাই তোলা হৈছিল ৰভাতলী। মিতিৰ-কুটুম্বৰে ভৰি পৰিছিল ঘৰ।

হাতত মেহেন্দী সানি লাজ আৰু শংকাৰ আকুল হেঁপাহেৰে যুগ্ম জীৱনলৈ অপেক্ষা কৰিছিল কইনাই। কাষতে বহি লৈ তেওঁক জোকাইছিল বান্ধৱীয়ে।

ব্যস্ততা বাঢ়িছিল কইনাৰ ভাতৃ-পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ মাজতো। বিয়ালৈ অহা কোনোজনেই যাতে নোখোৱাকৈ নাযায়, কোনো এটা বস্তুৰে যাতে অভাৱ নহয়, সেইবোৰ চোৱা-চিতা ঠিকমতেই কৰা হৈছিল।

এসময়ত সম্পন্ন হৈছিল কইনা ঘৰৰ ৰীতি-নীতি। এতিয়া দৰা আহিবলৈ বাকী!

৩০ কিলোমিটাৰ নিলগৰ দৰাঘৰৰ পৰা বৰযাত্ৰীৰ দলটো পদূলি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল সকলোৱে। কিন্তু…

কিন্তু তাৰ পূৰ্বেই কইনা ঘৰে লাভ কৰিলে সেই দুঃসংবাদ। খবৰ লাভ কৰি মূৰত সৰগ ভাগি পৰিল সকলোৰে। হাতৰ মেহেন্দিলৈ ঠাইতে নিশ্চুপ হৈ বহি পৰিল কইনা।

অলপ আগলৈকে উথপথপ লগা ৰভাতলীত ক্ষন্তেকতে বিৰাজ কৰিলে নিস্তব্ধতাই। অৱশ্যে বহু দেৰিলৈকে খবৰটো দিয়া হোৱা নাছিল কইনাৰ পিতৃক। তেওঁৰ হৃদৰোগ আছে!

যোধপুৰৰ যিখন বিবাহস্থলীত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণে ১২ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে সেই দৰা ঘৰে আহিবলগীয়া কইনা ঘৰৰ কাহিনী এয়া।

ৰাজস্থানৰ বৰমেৰৰ খোখছাৰ গিদা গাঁৱত আছিল কইনাৰ ঘৰ। দৰাৰ ঘৰ ৩০ কিলোমিটাৰ নিলগৰ যোধপুৰৰ শ্বেৰগড়ত। য’ত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।

বিয়া ঘৰৰ পৰা বৰ যাত্ৰী ওলাই অহাৰ ঠিক পূৰ্বে সংঘটিত ৬টাকৈ চিলিণ্ডাৰ বিস্ফোৰণত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১২জনকৈ লোকে। অগ্নিদগ্ধ হৈ এতিয়াও চিকিৎসাধীন হৈ আছে বিয়াৰ দৰা।

দৰাঘৰত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছত শোকাকুল পৰিৱেশে বিৰাজ কৰে গিদা গাঁৱৰ কইনা ঘৰতো।

কইনা ওম কনৱাৰে যেন প্ৰথমে বিশ্বাসেই কৰিব পৰা নাছিল এই ঘটনাৰ কথা। হাতৰ মেহেন্দিলৈ চাই চাই তেওঁ কেৱল প্ৰাৰ্থনা কৰি থাকিল দৰাৰ লগতে আহতসকল সুস্থ উঠাৰ বাবে।

কইনাৰ ভাতৃয়ে জানিবলৈ দিয়া মতে, ফোনত তেওঁলোকে এই খবৰ লাভ কৰাৰ পিছত শোকত ভাগি পৰিছিল। সেই সময়ত বিয়াঘৰত উপস্থিত আছিল প্ৰায় ৩০০ অতিথি।

সকলোৰে প্ৰথমে অপ্যায়ন কৰোৱাৰ পিছত দিয়া হৈছিল দুঃসংবাদটো। হৃদৰোগী পিতৃক পলমকৈ এই খবৰ দিয়া হৈছিল।

ইফালে ঘটনাৰ পিছতে যোধপুৰলৈ ৰাওনা হয় কইনাৰ জ্যেষ্ঠ ভাতৃৰ লগতে আন কেইবাজনো ব্যক্তি। বিয়াখন ইতিমধ্যে পিছুৱাই দিয়া হৈছে।

কইনাৰ ভাতৃয়ে জনোৱা মতে, দৰা সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পিছত পুনৰ এই বিয়াখন নতুনকৈ আয়োজন কৰা হ’ব।

Exit mobile version