NEWS8 NE

মৰ্মান্তিক! নিশা শুই থাকোতেই বিষাক্ত সাপৰ দংশন ভাতৃ-ভগ্নীক, হাস্পতাললৈ নিয়াৰ পথত মৃত্যু

নিউজ ডেস্কঃ নিশা ভাত খাই একেলগে শুইছিল দুই কণমানি ভাতৃ-ভগ্নীয়ে। কিন্তু পুৱতি নিশা বিষাক্ত সাপে খুঁটাৰ ফলত মৃত্যুক সাৱটি ল’লে দুয়োজনে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুন্দী জিলাত।

জানিব পৰা মতে, বুন্দী জিলাৰ গোপালপুৰা বৰাডৰ বাসিন্দা তুলসীৰাম গুৰ্জৰৰ ১৩ বছৰীয়া পুত্ৰ শিৱদয়াল গুৰ্জৰ (১৩) আৰু ১১ বছৰীয়া কন্যা মণিকা ওৰফে সোনাক্ষী গুৰ্জৰে প্ৰতিদিনৰ দৰে বৃহস্পতিবাৰেও নিশা ভাত খাই উঠি ককাক-আইতাকৰ সৈতে একেলগে শোৱে।

কিন্তু নিচেই পুৱা দুয়োটি শিশুৱে গাত অসহ্য বিষ অনুভৱ হোৱাৰ বিষয়ে পিতৃ-মাতৃক কোৱাত সাপে খুঁটাৰ সন্দেহ কৰে পৰিয়ালে। লগে লগে ঘৰত সাপ বিচাৰি অভিযানো চলায় পৰিয়ালৰ সদস্যসকলে।

ইফালে পৰৱৰ্তী সময়ত শিশুদুটিৰ স্বাস্থ্যৰ লাহে লাহে অৱনতি ঘটা প্ৰত্যক্ষ কৰি শেষত দুয়োকে বিজোলিয়াৰ এখন হাস্পতাললৈ নিয়াৰ সিদ্ধান্ত লয় পৰিয়ালে। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই পিতৃৰ কোলাতেই প্ৰাণ হেৰুৱায় দুয়োটি শিশুৱে। যাৰ ফলত হাস্পতাললৈ নিনিয়াকৈয়ে দুয়োটি শিশুক ঘৰলৈ ওভতাই আনি শেষ কৃত্য সম্পন্ন কৰে পৰিয়ালে।

ভাতৃ-ভগ্নীহালৰ সাপে দংশন কৰাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিলেও দুয়োৰে মৰোণত্তৰ পৰীক্ষা সম্পন্ন নকৰাৰ পৰিপ্ৰেক্ষিতত দুয়োৰে মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

ইপিনে জানিব পৰা মতে, শিশুদুটিৰ মৃত্যু সন্দৰ্ভত আৰক্ষীকো অৱগত কৰা নাছিল পৰিয়ালে। যাৰ বাবে দুয়োৰে মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Exit mobile version