মৰ্মান্তিক! পুখুৰীত পৰি কৰুণ মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! পুখুৰীত পৰি কৰুণ মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ

October 10, 2020 0 By NEWS DESK

ছিপাঝাৰ। দৰং জিলাৰ ছিপাঝাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা।

ছিপাঝাৰৰ বৰকলীয়াঝাৰত পুখুৰীত পৰি অকাল মৃত্যুক সাৱটিলে এগৰাকী দ্বিতীয় শ্ৰেনীৰ ছাত্ৰীয়ে।

এই কণমানি ছাত্ৰীগৰাকীৰ নাম প্ৰিয়াংখী ডেকা।

প্ৰিয়াংখী ডেকা

স্থানীয় নিতুমণি ডেকা আৰু বুলবুলী ডেকাৰ একমাত্ৰ কন্যা সন্তান আছিল প্ৰিয়াংখী।

স্থানীয় ছিপাঝাৰ জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল এই ছাত্ৰীগৰাকী।

পঢ়া-শুনাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত প্ৰতিভাসম্পন্ন আছিল এই কণমানিটি।

এই ছাত্ৰীগৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজক।