Site icon NEWS8 NE

মৰ্মান্তিক! পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ মেধাৱী ছাত্ৰী অজন্তাৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই জীৱনৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে।

গোৰেশ্বৰত অজন্তা বড়ো নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ আত্মহননৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চৰম সিদ্ধান্ত বাচি লোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন চুইচাইড নোট।

য’ত পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবেই জীৱনৰ প্ৰতি বিৰক্ত হৈ এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে অজন্তাই।

জানিব পৰা মতে, ২নং গোৰেশ্বৰ পদোপাৰা গাঁৱৰ মনোৰঞ্জন বড়ো আৰু অঞ্চালি বড়োৰ একমাত্ৰ কন্যা আছিল অজন্তা বড়ো।

২০১৬ চনত গোৰেশ্বৰৰ এখন বড়ো মাধ্যমৰ বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকত ৯৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল মেধাৱী ছাত্ৰীগৰাকী।

তাৰ পিছতে এবছুৱে অজন্তাক নাম লগাই দিছিল বৰমাৰ এখন শিক্ষানুষ্ঠানত। সেই সময়ত অজন্তাৰ পঢ়াৰ সমস্ত খৰছ বহন কৰিছিল এবছুৱে।

উচ্চতৰ মাধ্যমিকতো ৮৩ শতাংশ নম্বৰ সহ উত্তীৰ্ণ হোৱা অজন্তাই উচ্চ শিক্ষাৰ বাবে পৰৱৰ্তী সময়ত নামভৰ্তি কৰিছিল কটন বিশ্ববিদ্যালয়।

সমান্তৰালভাৱে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছিল অজন্তাই।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা চতুৰ্থ আৰু তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাতো সফলতা অৰ্জন কৰিছিল অজন্তা বড়োৱে।

আনহাতে মাত্ৰ দুদিন পূৰ্বে হোষ্টেলৰ পৰা ঘৰলৈ অহা ২১ বৰ্ষীয় ছাত্ৰীগৰাকীৰ পিতৃ বৃহস্পতিবাৰে কোনো কামত বাহিৰলৈ গৈছিল। মাতৃও গৈছিল গোৰেশ্বৰ টাউনৰ বজাৰলৈ।

সেই সময়ত অকলে ঘৰত থকা অজন্তাই শোৱনী কোঠাতে চিপ লৈ আত্মহত্যা কৰে।

পিছত মাতৃয়ে ঘৰলৈ উভতি আহি একমাত্ৰ জীয়াৰীক ওলমি থকা দেখি হাহাকাৰ লাগে। ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে বড়ো আৰু ইংৰাজী ভাষাত লিখা এখন চুইচাইড নোট।

য’ত অজন্তাই পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ কথা উল্লেখ কৰাৰ লগতে নিজৰ প্ৰতি তীব্ৰ ঘৃণা জন্মাৰ কথা প্ৰকাশ কৰিছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন দৰি মানসিক হতাশাত ভুগি আছিল অজন্তা। কিন্তু এই হতাশাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।

ছাত্ৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Exit mobile version