মৰ্মান্তিক! বজ্ৰপাতত প্ৰাণ গ’ল দুই কিশােৰৰ

মৰ্মান্তিক! বজ্ৰপাতত প্ৰাণ গ’ল দুই কিশােৰৰ

October 4, 2020 0 By NEWS DESK

ৰাজ্যত সঘনাই সংঘটিত হৈছে বজ্ৰপাতৰ ঘটনা।

এনে ঘটনাত চলিত বৰ্ষতে বহু লােকে প্ৰাণ হেৰুৱাইছে।

আজি কাৰ্বি আংলং জিলাৰ বোকাজানত ব্ৰজপাতৰ ফলত দুই কিশোৰৰ অকাল মৃত্যুৰ ঘটে।

নিহত কিশােৰ দুজন হৈছেঃ বোকাজান কাৱৰাম বস্তিৰ অজয় পানিকা (১৫) আৰু ৰাহুল পানিকা (১৪)।

দুয়ো বৰজান উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অধ্যয়নত নৱম শ্ৰেণীৰ ছাত্ৰ।

জানিব পৰা মতে, ঘৰৰ পিছফালে গৰু আনিবলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়।

বজ্ৰপাতৰ ফলত থিতাতে মৃত্যুক আঁকোৱালি লৈ দুই কিশোৰে।

দুয়ােকে ততাতৈয়াকৈ সমীপৱৰ্তী বোকাজান অসামৰিক চিকিৎসালয়লৈ নিয়া যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

দুই কিশোৰৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।