Site icon NEWS8 NE

মৰ্মান্তিক! ভোগালীৰ উছাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ২ ভগ্নীৰ, গুৰুতৰভাৱে আহত ভতিজা…

নিউজ ডেস্কঃ ভোগালী বিহুৰ উছাহৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলিত শোকাবহ পথ দুৰ্ঘটনা।

ৰংজুলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু দুই ভগ্নীৰ।

নিহত সম্পৰ্কীয় ভগ্নী দুগৰাকীৰ পৰিচয় শান্তা ৰায় (২৫) আৰু ৰিয়া ৰায় (১৮) বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘনাটোত গুৰুতৰভাৱে আহত হয় শান্তা ৰায়ৰ ভতিজা অংশুমান ৰায় (৮) নামৰ শিশুটিও।

জানিব পৰা মতে, সোমবাৰে দিনৰ প্ৰায় ডেৰ বজাত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত সাৰাপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

গোৱালপাৰা অভিমুখে গৈ থকা এএছ ০১ এ জেড ৮০৭২ নম্বৰৰ এখন তীব্ৰবেগী নিচান চানি বাহনে ভুল দিশেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এএছ ১৮এফ ৫৩৩০ নম্বৰৰ এখন স্কুটীত খুন্দা মাৰে।

তাৰ পিছতে বাহনখনে খুন্দা মাৰে এএছ জে ০১২২ নম্বৰৰ আন এখন বাইকত।

এই দুৰ্ঘটনাত স্কুটী আৰোহী শান্তা ৰায়ৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৰিয়া ৰায়।

ইফালে দুৰ্ঘটনাৰ ফলত বাইক আৰোহী শান্তা ৰায়ৰ জ্যেষ্ঠ ভাতৃ সামান্য পৰিমানে আহত হয় যদিও গুৰুতৰভাৱে আহত হয় ভতিজা অংশুমান।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক স্থানীয় ৰাইজৰ সহযোগত হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যে ৰিয়া ৰায়ৰো মৃত্যু ঘটে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Exit mobile version