NEWS8 NE

মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ সময়তে পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এগৰাকী হেড কনিষ্টবলৰ পৰিয়াল…

নিউজ ডেস্কঃ মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যসহ ৫ জনে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিদাৰ জিলাত।

জানিব পৰা মতে, ১৫ আগষ্টত সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ আফজলপুৰ তালুকৰ দেৱাল গনাগাপুৰস্থিত দত্তত্ৰেয় মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল হায়দৰাবাদৰ বেগমপেটৰ এটা পৰিয়ালৰ ১০ জন সদস্যই।

মন্দিৰ দৰ্শনৰ পিছত বিয়লি তেওঁলোকে ঘৰলৈ ওভতাৰ সময়তে হায়দৰাবাদ–মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথৰ বিদাৰ জিলাৰ ভাংগুৰ চেক-পোষ্টৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনখনে এখন কণ্টেইনাৰ ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে।

যাৰ ফলত থিতাতে মৃত্যু ঘটে বাহনখনৰ ভিতৰত থকা হায়দৰাবাদ চাইবাৰ ক্ৰাইম পুলিছ ষ্টেছনৰ হেড কনিষ্টবল চি গিৰিধৰ (৪৫), তেওঁৰ পত্নী অনিতা (৩৬), ভতিজী প্ৰিয়ংকা (১৫) আৰু বাহন চালক জগদীশ (৩৫)ৰ।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চি গিৰিধৰৰ দুবছৰীয়া সন্তান মায়ংকৰো।

দুৰ্ঘটনাত হেড কনিষ্টবল গিৰিধৰৰ আত্মীয় ৰজিতা, সৰিতা, শালিনী, সৰলা আৰু আন এগৰাকী গুৰুতৰভাৱে আহত হয়। আহত সকলক চিকিৎসাৰ বাবে বিদাৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ প্ৰেৰণ কৰা হয়।

Exit mobile version