Site icon NEWS8 NE

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ এদিনৰ পিছতে ক’ভিড-১৯ত প্ৰাণ গ’ল পুত্ৰৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবেই পুনৰ কাল অমানিশা নামিল আহিল এটা পৰিয়াললৈ।

এই অতি সংক্ৰামক ভাইৰাছৰ সংক্ৰমণত মাতৃৰ মৃত্যুৰ এদিনৰ পাছতে প্ৰাণ হেৰুৱালে পুত্ৰই।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে শিৱসাগৰত।

জানিব পৰা মতে, শিৱসাগৰ এ এছ টি চি বুক ষ্টলৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম দাস (৩১)ৰ মংগলবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।

ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ সােমবাৰে পাৰ্থপ্ৰতিম দাসৰ মাতৃ পাৰুল দালৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছিল।

মাথোঁ এদিনৰ ব্যৱধানত মাতৃ-পুত্ৰৰ এনে কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে শিৱসাগৰ চহৰৰ বাতৰি কাকত-আলোচনীৰ মুখ্য বিতৰক প্ৰয়াত দেৱেন চন্দ্ৰ দাসৰ পত্নী আৰু পুত্ৰ আছিল ক্ৰমে পাৰুল দাস (৫৬) আৰু পাৰ্থপ্ৰতিম দাস।

সােমবাৰে বিয়লি এক বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক’ৰনাত আক্ৰান্ত হৈ পাৰুল দাসৰ মৃত্যু হৈছিল।

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা পাৰুল দাসক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল।

ধাৰণা কৰা মতে দুয়াে মাতৃ-পুত্ৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে দহ বছৰ পূৰ্বে পিতৃ দেৱেন চন্দ্ৰ দাসৰ মৃত্যু হোৱাত একমাত্ৰ পুত্ৰ পাৰ্থপ্ৰতিম দাসে শিৱসাগৰৰ দৈনিক বাতৰি কাকত, আলোচনী আদিৰ মুখ্য বিক্ৰেতাৰ দায়িত্ব গ্ৰহণ কৰি নিষ্ঠাৰে নিজৰ ব্যৱসায় চলাই গৈছিল।

Exit mobile version