NEWS8 NE

মৰ্মান্তিক! মাতৃৰ সৈতে নৱৰাত্ৰীৰ গৰৱা নৃত্য উপভোগ কৰি থকাৰ সময়তে হঠাৎ গুলীবিদ্ধ হৈ মৃত্যু এটি ১১ বছৰীয়া কণমানিৰ…

নিউজ ডেস্ক। মাতৃৰ সৈতে একেলগে বহি নৱৰাত্ৰীৰ গৰৱা উপভোগ কৰি থকাৰ সময়তে আকস্মিকভাৱে গুলী লাগি মৃত্যু এগৰাকী ১১ বছৰীয়া কিশোৰীৰ।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ হীৰা নগৰত।

হীৰা নগৰ আৰক্ষী এলেকাত অনুষ্ঠিত নৱৰাত্ৰীৰ গৰৱা নৃত্য পৰিৱেশন অনুষ্ঠান চাই থকা সময়তে মূৰত হঠাৎ গুলী লগা কিশোৰীগৰাকীৰ মৃত্যু ঘটে হাস্পতালত।

মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আনহাতে এয়া পৰিকল্পতি হত্যা নে দুৰ্ঘটনা তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, মাতৃ আৰু পৰিয়ালৰ আন সদস্য সকলৰ সৈতে ১১ বছৰীয়া কিশোৰীগৰাকীয়ে গৰৱা উপভোগ কৰি থকা সময়তে হঠাৎ তেওঁৰ মূৰৰ পৰা ৰক্তক্ষৰণ হ’বলৈ ধৰে।

লগে পৰিয়াল আৰু আন লোকসকলে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে কিশোৰীগৰাকীৰ মূৰৰ চিটি স্কেনত মূৰৰ ভিতৰত গুলীসদৃহ এক বস্তু দৃশ্যমান হোৱাক লৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

অন্যহাতে কিশোৰীগৰাকীৰ মূৰত কেনেদৰে গুলী লাগিল, কোন দিশৰ পৰা গুলীচালনা কৰা হৈছিল আদি বিষয়বোৰ সন্দৰ্ভত আৰক্ষীয়ে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version