NEWS8 NE

মৰ্মান্তিক! ১১ মহীয়া শিশু আয়ানৰ প্ৰাণ কাঢ়ি নিলে নিয়তীয়ে…

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌ ক্ৰমাৎ স্তিমিত হৈছে যদিও এই ভাইৰাছে শেহতীয়াকৈ সংক্ৰমিত কৰিছে বহু শিশুক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত ক্ৰমে বৃদ্ধি পাইছে ক’ভিড-১৯ত সংক্ৰমিত শিশুৰ সংখ্যা।

এই খবৰে অভিভাৱকসকলক উদ্বিগ্ন কৰি তােলাৰ সময়তে ডিব্ৰুগড়ত ক’ভিড-১৯ত প্ৰাণ গ’ল এটি ১১ মহীয়া শিশুৰ।

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বাহনি গাঁৱৰ এই শিশুটিৰ নাম আয়ান।

জানিব পৰা মতে, স্থানীয় ৰবি কুমাৰ লিম্বু আৰু মমিতা লিম্বুৰ একমাত্ৰ সন্তান আয়ান লিম্বু নামৰ শিশুটিক শনিবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰােৱা হৈছিল।

জানিব পৰা মতে, শুকুৰবাৰে নিশা শিশুটিৰ উশাহ-নিশাহ সমস্যা দেখা দিয়াত শনিবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে পিতৃ-মাতৃয়ে।

তাতে পৰীক্ষাত শিশুটিৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰে। অৱশ্যে, পিতৃ-মাতৃ আছিল ক’ভিড নিগেটিভ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে সিদিনাই সন্ধিয়ালৈ কণমানিটোৱে কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লয়।

এই নিষ্পাপ শিশুটিৰ এনে আকস্মিক মৃত্যুৰ বাতৰিয়ে শােকবিহ্বল কৰি তুলিছে সকলােকে।

Exit mobile version