মৰ্মান্তিক! ৰাজপথত ৰৈ থকা ট্ৰাকত টাটা টিয়াগ’ৰ খুন্দা, শিশুসহ নিহত ৩

মৰ্মান্তিক! ৰাজপথত ৰৈ থকা ট্ৰাকত টাটা টিয়াগ’ৰ খুন্দা, শিশুসহ নিহত ৩

September 16, 2020 0 By NEWS DESK

ৰাজপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।

যান্ত্ৰিক বিজুতিৰ বাবে ৰাজপথত ৰৈ থকা ট্ৰাকৰ প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাহনৰ।

৫ বছৰীয়া শিশুসহ নিহত ৩ জন।

ঘটনাৰ স্থান কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, কলিয়াবৰৰ-কাঞ্চনজুৰিত ঘাইপথত নগাঁও দিশে ৰখাই থােৱা আছিল AS-09-AC-3635 নম্বৰৰ এখন মালবাহী ট্ৰাক।

নিশা একে দিশেৰে যাত্ৰা কৰা AS-02-T-4775 নম্বৰৰ টাটা টিয়াগ’ বাহনখনে পাছফালৰ পৰা প্ৰচণ্ড জােৰে ট্ৰাকখনত খুন্দা মাৰে।

ট্ৰাকত খুন্দা মাৰি বাহনখনে কাষতে থকা এজােপা গছতাে খুন্দিয়ায়।

এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

এই দুৰ্ঘটনাৰ ফলত নাজমা বেগম, নয়ন বৈশ্য তথা এলিছা হাজৰিকা (৫) নিহত হয়।

তিনিওৰে ঘৰ মৰিগাঁৱৰ জাগীৰােডত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে তিনিওকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।