যতীন বৰাক পুনৰ বিজেপিত ল’লে দলৰ ক্ষতি হ’বঃ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা !

যতীন বৰাক পুনৰ বিজেপিত ল’লে দলৰ ক্ষতি হ’বঃ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা !

August 16, 2020 0 By NEWS DESK

১৬ আগষ্টত পুনৰ বিজেপিত যোগদানৰ সম্ভাৱনা অভিনেতা যতীন বৰাৰ ।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত অসমৰ সাধাৰণ জনতাৰ লগত থকাৰ অংগীকাৰেৰে বিজেপিৰ পৰা পদত্যাগ কৰা অভিনেতা যতীন বৰাৰ পুনৰ মন ঘূৰিছে।

কিন্তু যোগদানৰ প্ৰাকক্ষণত অভিনেতাজনৰ বিজেপি আগমণত বাধা ৰূপে থিয় দিয়ে প্ৰাক্তন সাংসদ, বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা ।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত যিগৰাকী যতীন বৰাই দলক বিশ্বাসঘাতকতা কৰি দল ত্যাগ কৰিছিল সেই গৰাকী যতীন বৰাকে পুনৰ বিজেপিত অন্তৰ্ভূক্ত কৰিলে দলৰ ক্ষতি হ’ব বুলি স্পষ্ট ভাৱে কৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই ।

দলৰ সংকট কালত দল ত্যাগ কৰা সকল কেতিয়াও বিশ্বাসযোগ্য লোক হ’ব নোৱাৰে বুলি বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে এক পত্ৰ যোগে প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত বিজেপি ত্যাগ কৰা অভিনেতা যতীন বৰাই আন্দোলন গতি হ্ৰাস পোৱাৰ পিছত পুনৰ বিজেপিত যোগদান কৰিব খোজাত বহুতেই যতীন বৰাৰ ‘সুবিধাবাদী মানসিকতা’ প্ৰকাশ পোৱা বুলি মন্তব্য কৰিছে ।