যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত ৩ জন…

যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত ৩ জন…

October 19, 2020 0 By NEWS DESK

বকোৰ বন্দাপাৰাত ভয়াবহ পথ দুৰ্ঘটনা।

বাইক আৰোহীৰে যাত্ৰীবাহী ট্ৰেভেলাৰৰ ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ৯জন।

নিহত অজয় ৰাভা,উদ্ধৱ চৌধুৰী। নিহত এজনৰ নাম বাতৰি সংগ্ৰহৰ সময়লৈ লাভ কৰা নাই।

বাইক-ট্ৰেভেলাৰৰ সংঘৰ্ষৰ পিছতে ট্ৰেভেলাৰখন বাগৰি পৰে পথৰ দাঁতিত।

ট্ৰেভেলাৰত বহুসময় আৱদ্ধ হৈ থাকে এটা মৃতদেহ।

দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ নম্বৰ AS01 EC 0705।

অৱশেষত ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ নিহত আৰু আহতক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখন নগৰবেৰা চিমিলিতলালৈ গৈ আছিল।

নিহত অজয় ৰাভাৰ ঘৰ বকোৰ বন্দাপাৰাত। উদ্ধৱ চৌধুৰীৰ ঘৰ নগৰবেৰা পথালিপাৰাত।