NEWS8 NE

যেন চিনেমাৰ কাহিনী! জন্মৰ ৩ বছৰ পিছত নিজৰ সন্তানক ওভতাই পালে এহাল দম্পতীয়ে

নিউজ ডেস্ক। হাস্পতালত দুগৰাকী প্ৰসূতিৰ একে নামৰ বাবে সৃষ্টি হোৱা বিসংগতি আৰু হাস্পতাল কৰ্তৃপক্ষৰ ভুলৰ বাবেই তিনি বছৰে নিজৰ সন্তানৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল এহাল পিতৃ-মাতৃ। কিন্তু অৱশেষত আদালতে এই ঘটনাৰ ৰায় প্ৰদান কৰি তিনি বছৰ পিছত পিতৃ-মাতৃৰ হাতত তুলি দিলে তেওঁলোকৰ প্ৰকৃত সন্তানক।

চিনেমাৰ কাহিনীৰ দৰে লগে এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাত। বৰপেটা মেডিকেল কলেজত তিনিবছৰ পূৰ্বে জন্মলাভ এটি শিশু আৰু দুগৰাকী প্ৰসূতিৰ একে নামক লৈ সৃষ্টি হৈছিল বিসংগতি।

জানিব পৰা মতে, ২০১৯ চনৰ ৩ মে’ত নাজমা খানমা নামৰ এগৰাকী প্ৰসূতিয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালত জন্ম দিছিল এটি সন্তানৰ।

জন্মৰ সময়ত শিশুটি সম্পূৰ্ণ সুস্থ আছিল যদিও মাতৃ নাজমা খানমাক আইচিইউত ভৰ্তি কৰাবলগীয়া হোৱাত সদ্যজন্মপ্ৰাপ্ত শিশুটিক হাস্পতালৰ শিশুৰ কোঠাত ৰখা হয়।

আনহাতে এই ঘটনাৰ পিছদিনা বৰপেটাৰ গোসাঁইগাঁৱৰ নাজমা খাতুন নামৰ আন এগৰাকী মহিলাই তেওঁৰ অসুস্থ সন্তানটোত হাস্পতালত ভৰ্তি কৰোৱায়। কিন্তু হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে নাজমা খাটুনৰ শিশুটিৰ।

ইয়াৰে পৰাই আৰম্ভণি ঘটে বেমেজালিৰ। হাস্পতাল কৰ্তৃপক্ষ, চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ ভুলৰ বাবে মৃত শিশুটিক তুলি দিয়া হয় নাজমা খানমাৰ হাতত। আনহাতে সুস্থ, সবল শিশুটিক তুলি দিয়া হয় নাজমা খাটুনৰ হাতত।

কিন্তু জন্মৰ সময়ত সম্পূৰ্ণ সুস্থ হৈ থকা শিশুটিৰ মৃতদেহ পৰিয়ালক জোৰ কৰি গতাই দিয়াত সেয়া তেওঁলোকৰ সন্তান বুলি মানি ল’বলৈ অস্বীকাৰ কৰে নাজমা খানমাই। তেওঁ হাস্পতাল কৰ্তৃপক্ষক এয়া তেওঁলোকৰ সন্তান নহয় বুলি পতিয়ন নিয়াব বিচাৰে যদিও ব্যৰ্থ হয়।

যাৰ বাবে নাজমা খানমাই বৰপেটা সদৰ থানাত হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতেই জিলা দণ্ডাধীশৰ আদালতে ডিএনএ পৰীক্ষাৰ নিৰ্দেশ দিয়ে আৰু পৰীক্ষাৰ প্ৰতিবেদনত সকলো কথা স্পষ্ট হৈ পৰে।

আনহাতে আদালতত এই সমগ্ৰ কাণ্ড দুয়োটা সন্তানৰ মাতৃৰ একে নাম হোৱাৰ বাবে সংঘটিত হোৱা বুলি মন্তব্য কৰে হাস্পতাল কৰ্তৃপক্ষই।

সেয়া যি নহ’লেও সুদীৰ্ঘ তিনিবছৰ পিছত আদালতৰ ৰায়মৰ্মে নিজৰ সন্তানক উভতাই পাবলৈ সক্ষম হয় নাজমা খানমা আৰু তেওঁৰ স্বামীয়ে।

আনহাতে নিজৰ সন্তানটোক উভতাই পাই নাজমা খানমা আৰু তেওঁৰ পৰিয়াল আনন্দিত হৈছে যদিও নিজৰ সন্তানৰ দৰে যোৱা তিনিবছৰে লালন-পালন কৰা শিশুটিক হেৰুৱাই শোকত ভাগি পৰিছে নাজমা খাতুন আৰু তেওঁৰ পৰিয়াল।

Exit mobile version