NEWS8 NE

লকআপৰ ভিতৰত ১০ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ক্ষমতা প্ৰদৰ্শন কৰা মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক নিলম্বন…

নিউজ ডেস্কঃ অৱশেষত নিলম্বন কৰা হ’ল থানাৰ ভিতৰত ১০ জনকৈ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ক্ষমতাৰ প্ৰদৰ্শন কৰা মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ পৰিদৰ্শক ভৱেন দত্ত।

পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত কোনো গোচৰ ৰুজু নকৰাকৈয়ে উঠাই আনি লকআপৰ ভিতৰত যুৱক কেইজনক উলংক গৰি প্ৰহাৰ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীয়ে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আৰু তাৰ পিছতে নিলম্বন কৰা হয় পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ লগতে উপ পৰিদৰ্শক ভৱেন দত্তক।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰুণাচলৰ জিৰ’ ফেষ্টিভেলৰ পৰা উভতি অহা সময়ত যুৱককেইজনে মৰাণৰ পেচিফিকা ইন নামৰ হোটেলখনত গ্ৰহণ কৰিছিল নৈশ আহাৰ।

নিশা উক্ত হোটেলখনত পত্নীসহ আহাৰ গ্ৰহণৰ বাবে গৈছিল আৰক্ষী বিষয়াজনো।

সেই সময়তে সহধৰ্মিনীক অপদস্থ কৰাৰ অভিযোগ তুলি নিশাই থানালৈ লৈ অনা হয় যুৱককেইজনক।

অভিযোগ অনুসৰি, পুৱতি নিশা ৩ বজাত ঘৰৰ পৰা উঠাই আনিছিল পাৰ্থজ্যোতি মেছ, সীমান্ত দেউৰীক আৰু দুয়োকে অজ্ঞাত স্থানত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

তাৰ পাছত বিভিন্ন স্থানৰ পৰা আটক কৰা হয় আন ৮ জন যুৱকক।

যুৱক কেইজন হৈছে ক্ৰমে- জ্ঞানদ্বীপ বৰগোঁহাই, নিতুল দত্ত, অমূল্য ৰাজবংশী। হেমন্ত বড়া, সুৰুজ গগৈ, উজ্জ্বল বৰুৱা, অছিফুদ্দিন লহকৰ আৰু কেভিন কৱটছুক।

লকআপৰ ভিতৰত আটাইকেইজনক উলংগ কৰি বন্দুকৰ গাডীৰে প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

ইয়াৰ পিছতে ডিমৌ আৰক্ষী থানা আৰু মৰাণহাট আৰক্ষী থানাত নিৰ্যাতনৰ বলি হোৱা যুৱক কেইজনে এজাহাৰ দাখিল কৰিছিল।

Exit mobile version