লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচনী ! প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কানহায়া কুমাৰ…

লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচনী ! প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কানহায়া কুমাৰ…

August 31, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত চলিছে ব্যাপক তৎপৰতা।

এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বাওপন্থী চিন্তাধাৰাৰ দলবোৰো।

কিয়নো শীঘ্ৰেই অসমলৈ আহিব এসময়ৰ জেএনইউৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা বৰ্তমানৰ চিপিআইএমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য কানহায়া কুমাৰ।

এআইএছএফৰ এগৰাকী ৰাজ্যিক সদস্যই জনাই- ‘আমি কানহায়া কুমাৰৰ সৈতে কথা পাতিছো। তেওঁ তাৰিখটো আমাক দিয়া নাই। কিন্তু অহাৰ নিশ্চিতি দিছে। নিৰ্বাচনৰ আগতেই তেওঁ আহি অসমত বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব।’

উল্লেখ্য যে, কানহায়া কুমাৰে অসমলৈ অহাৰ সময়ত বাওপন্থী বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষক সাক্ষাৎ কৰিব আৰু অনাগত দিনত অসমত চিপিআই দলে নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হ’ব সেই সম্পৰ্কে আলোচনা কৰিব।