লক ডাউনহে শেষ হৈছে, কৰ’ণা শেষ হোৱা নাই! সাৱধান থাককঃ প্ৰধানমন্ত্ৰী মোডী

লক ডাউনহে শেষ হৈছে, কৰ’ণা শেষ হোৱা নাই! সাৱধান থাককঃ প্ৰধানমন্ত্ৰী মোডী

October 20, 2020 0 By NEWS DESK

 দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

কৰ’ণা কালত সপ্তম বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে মোডীয়ে।

কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দেশত পূৰ্বৰ তুলনাত সামান্য পৰিমাণে হ্ৰাস পাইছে যদিও এতিয়াও কোনো লোক বিপদ মুক্ত হোৱা নাই।

দেশবাসীক সম্বোধন কৰি এই ইংগিত দিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

দুৰ্গাপূজাৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো লোককে সাৱধান হ’বলৈ আহ্বান জনালে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- লক ডাউনহে শেষ হৈছে, কৰ’ণা শেষ হোৱা নাই।ভেকচিন নহা পৰ্যন্ত কোৰোনাৰ বিৰুদ্ধে সজাগ হৈ চলিব লাগিব। সকলোৱে ক’ভিড প্ৰট’কল মানি চলিব লাগিব।’

মোডীয়ে কয়- ‘কৰ’ণা পৰীক্ষাৰ বাবে ২০০০ পৰীক্ষাগাৰে সম্পন্ন কৰিছে পৰীক্ষা।আগশাৰীৰ দেশৰ তুলনাত ভাৰত সফল হৈছে কৰ’ণা প্ৰতিৰোধত।

দেশবাসীক পৰিস্থিৰ অধিক অৱনতি নঘটিবলৈ জনসাধৰনক সজাগ হোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

দু-খোজ দূৰত্ব বজাই ৰখাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। দু-খোজ দূৰত্ব মানি চলি মাস্ক পৰিধান কৰি হাত ধুই থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে