Site icon NEWS8 NE

লটাৰীত লাভ কৰা এখন মটৰ চাইকেলেই কাল হ’ল এজন অসম আৰক্ষী জোৱানৰ

নিউজ ডেস্ক। লটাৰী খেলত সৌভাগ্যক্ৰমে লাভ কৰা এখন মটৰ চাইকেলেই কাল হ’ল এজন অসম আৰক্ষীৰ জােৱানৰ।

লটাৰীত লাভ কৰা মটৰ চাইকেলে পৰিয়ালটোলৈ কঢ়িয়াই আনিলে দুৰ্ভাগ্য।

কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী জোৱানে।

আৰক্ষী জােৱানজনৰ নাম মৃগেন বৰা। যোৰহাট সদৰ থানাত কৰ্মৰত আছিল মৃগেন বৰা।

মৃগেন বৰাৰ ঘৰ দেৰগাঁৱৰ খকণ্ডগুৰি গাঁৱত।

কৰ্তব্যস্থলী পৰা বাইকেৰে ঘৰলৈ ওভতাৰ পথত এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দিয়াই থিতাতে নিহত হ’ল আৰক্ষী জোৱানজন।

দেৰগাঁৱৰ চকলাঘাটৰ পকি দলঙৰ সমীপত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

পৰিয়ালৰ সৈতে নতুনকৈ নিৰ্মাণ কৰা ঘৰটোত থকাৰ সপোন আধৰুৱা হৈয়েই ৰ’ল খুমটাইৰ মৃগেন বৰাৰ।

পত্নী আৰু দুটি সন্তানৰ সৈতে খুমটাইৰ সপোন নগৰীত নিৰ্মাণ কৰা ঘৰ খনতেই স্থায়ীকৈ থকাৰ সপোন দেখিছিল মৃগেন বৰাই।

মৃগেনে নির্মাণ কৰা নতুন ঘৰটোত এতিয়া শোকাকুল পৰিৱেশ।

বহু সপোন লৈ মাত্ৰ দুমাহ পূৰ্বে মৃগেনে নিৰ্মাণ কৰা ঘৰখনত এতিয়া কান্দোনৰ ৰোল।

ঘৰখনত উপস্থিত হোৱা প্ৰতিজন পুৰুষ-মহিলাৰে চকু সেমেকি উঠিছে। যোৰহাট সদৰ থানাৰ আৰক্ষীৰ এটা দলে শেষ বাৰৰ বাবে জনালে শ্ৰদ্ধাঞ্জলি।

Exit mobile version