লতাশিল থানাত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ! কিন্তু কিয় ?

লতাশিল থানাত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ! কিন্তু কিয় ?

August 19, 2020 0 By NEWS DESK

লতাশিল থানাত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া।

অভিনেত্ৰীগৰাকীৰ নামত এটা ভুৱা ফেচবুক পোষ্ট ভাইৰেল হোৱাৰ পিছতে লতাশিল থানাত উপস্থিত হৈ গোচৰ ৰুজু কৰিবলৈ উপস্থিত হয় বৰষা।

বৰষাৰাণী বিষয়াই কয়- ‘মোক সামাজিকভাৱে হেয় কৰাৰ এইয়া এক প্ৰচেষ্টা। মই আৰক্ষীৰ ওচৰলৈ আহিছো। কোনে এইটো কৰিছে মই জানিব পৰা নাই। মোৰ এগৰাকী অনুৰাগীয়ে কালি (মঙলবাৰে) মোক জনাইছে। তাতহে দেখিছো মোৰ ফেচবুক পেজৰ এটা পোষ্ট আছে। তেনে পোষ্ট মই দিয়া নাই। মই কৰা নাই। মই সত্যত আছো।’

মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে নিজা ফেচবুক একাউন্টত সদৰি কৰিছিল যে, কোনো লোকে তেওঁৰ নামত ফেচবুকত ভুৱা প্ৰচাৰ চলাইছে।

উল্লেখ্য যে, বৰাষা ৰাণীৰ নামত দিয়া পোষ্টটোত লিখা আছিল, ‘যতিন বৰাই উচিত সিদ্ধান্ত লৈছে। একাংশ সংগঠনে কা আন্দোলনক নিজৰ নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেহে ব্যৱহাৰ কৰা যেন মোৰ দৰে বহুতৰে হয়তো অনুভৱ হৈছে।’