লাডাখত অচলাৱস্থা দূৰ কৰিবলৈ মস্কোত ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ  গুৰুত্বপূৰ্ণ বৈঠক !

লাডাখত অচলাৱস্থা দূৰ কৰিবলৈ মস্কোত ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক !

September 5, 2020 0 By NEWS DESK

সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত অব্যাহত আছে সংঘাত।

লাডাখত অচলাৱস্থা দূৰ কৰিবলৈ মস্কোত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঁগহীৰ মাজত ৰাছিয়াত এই সন্দৰ্ভত শুকুৰবাৰে এক দুঘন্টীয়া বৈঠক অনুষ্ঠিত হয়।

গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা বিষয়টোক লৈ শুকুৰবাৰে মস্কোৰ মেট্ৰ’পল হোটেলত নিশা ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত বৈঠক অনুষ্ঠিত হয়।

Image

বৈঠকৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও আলোচনাত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কিছু আক্ৰামণাত্মক হৈ পৰা বুলি কোৱা হৈছে।

এই বৈঠকৰ পাছত চীনৰ তৰফৰ পৰা লাডাখত বৰ্তমান যি পৰিস্থিতি অব্যাহত আছে তাৰ বাবে সম্পূৰ্ণ ৰূপে ভাৰতে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে।

লগতে চীনৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি চীন চৰকাৰে মন্তব্য কৰে।