Site icon NEWS8 NE

লাভলীনাৰ সফলতা নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ ৰ’বঃ ৰাজ্যপাল

নিউজ ডেস্ক। বজ্ৰকন্যা লাভলীনা বৰগােহাঁইক সম্বৰ্দ্ধনা জ্ঞাপনৰ লগতে নগদ ৫ লাখ টকাৰ উপহাৰ প্ৰদান অসমৰ ৰাজ্যপাল প্ৰােঃ জগদীশ মুখীৰ।

অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম খোদিত কৰা লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে ৰাজভৱনত সম্বৰ্দ্ধনা জনায় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

এই অনুষ্ঠানত ৰাজ্যপাল মুখীৰ লগতে তেওঁৰ সহধৰ্মিণী প্ৰেম মুখীও উপস্থিত থাকে।

টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জ পদক জিনি প্ৰথমবাৰলৈ মাতৃভূমিত ভৰি থোৱা অসম জীয়ৰী লাভলীনাক গামোচা, চেলেং চাদৰ, শৰাই প্ৰদান কৰে ৰাজ্যপালে।

লগতে প্ৰদান কৰে ৫ লাখ টকাৰ এখন চেক।

এই উপলক্ষে মন্তব্য প্ৰদান কৰি ৰাজ্যপালগৰাকীৰয়ে কয়, ‘গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াক্ষেত্ৰলৈ গৈ পদক বুটলি তুমি অসমবাসীক গৰ্বিত কৰিছা। তোমাৰ সফলতাত ৰাজ্য তথা দেশৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ ৰ’ব।’

এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত-সচিব মলয় বৰাক লাভলীনাৰ সফলতাৰে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাসকলক উজ্জীৱিত কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে ৰাজ্যপালগৰাকীয়ে।

Exit mobile version