লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে !

লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে !

August 15, 2020 0 By NEWS DESK

পুৱা ৭.৩০বজাত লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ধাৰাবাহিকভাৱে সপ্তমবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাত পতাকা উত্তোলন কৰিলে মোডীয়ে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰীৰ ভাষণত উত্তৰ-পূবৰ বান সমস্যাৰ কথা ।

প্ৰধানমন্ত্ৰীৰ ভাষণত আত্মনিৰ্ভৰশীল ভাৰতৰ কথাও প্ৰকাশ কৰে ।

প্ৰধানমমন্ত্ৰীগৰাকীয়ে কয়, ইতিহাসে এই কথা অগ্ৰাহ্য কৰিব নোৱাৰে যে আমাৰ স্বাধীনতা সংগ্ৰামে বিশ্ব বিস্তাৰবাদ শক্তিক প্ৰত্যাহ্বান জনাইছিল ।