লুইতৰ বুকুত ৰ’পেৱ ! ২৪ আগষ্টত মুকলি হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা !

লুইতৰ বুকুত ৰ’পেৱ ! ২৪ আগষ্টত মুকলি হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা !

August 22, 2020 0 By NEWS DESK

অপেক্ষাৰ অন্ত পেলাই ৰাজ্যৰ মানচিত্ৰত অচিৰেই মুকলি হ’ব ৰ’পৱে সেৱা।

২৪ আগষ্টত মুকলি হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ উপস্থিতিত মুকলি হ’ব ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰ’পৱে সেৱা।

Outlook India Photo Gallery - Ropeway

উল্লেখ্য যে, এই ৰ’পৱে দেশৰ ভিতৰতে নদীৰ ওপৰত নিৰ্মিত আটাতকৈ দীঘল ৰ’পৱে হ’ব।

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হোৱা এই ৰ’পৱেৰ দৈঘ্য হ’ব প্ৰায় ২ কিলো মিটাৰ।

যাত্ৰীসকলে মাত্ৰ ৭ মিনিটত ইপাৰ সিপাৰ হ’ব পাৰিব এই ৰ’পৱেৰ জৰিয়তে।

এবাৰত ৩৫জন যাত্ৰী পাৰাপাৰ হ’ব পাৰিব এই ৰ’পৱেৰ জৰিয়তে।

ৰ’পৱেৰ জৰিয়তে এবাৰ পাৰ হ’বলৈ ব্যয় কৰিব লাগিব ৬০ টকা।

আনহাতে অহা যোৱা কৰিলে ১০০ টকা ভৰিব লাগিব যাত্ৰীয়ে।